এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯১
মাৰীচ সুবাহু বধাৰ্থে ৰাম লক্ষ্মণক আনিবলৈ বিশ্বামিত্ৰৰ আগমন।
ৰাৱণ মাৰণ তান কোন প্ৰয়োজন।
যাৰ কটাক্ষতে কোটি ব্ৰহ্মাও উছন॥
মাৰিলে ৰাৱণ কোন পৌৰুষ তাহাৰ।
যাক জিনিলেক বালি বনৰ বানৰ॥
হেন ৰাম চৰণত কৰিয়োক বতি।
আন পাৰিহৰি ৰামদেৱে কৰ মতি ॥
অনিত্য সংসাৰ বিলম্বত কাজ নাই।
চিন্তামণি জন্ম হেৰা হাততে হেৰাই ॥
শুনা সভাসদ পদ ৰামৰ চৰিত।
এহিসে প্ৰধান ধৰ্ম্ম আনিবা কলিত॥
মনুষ্য হৈবাৰ প্ৰয়োজন এহিমান।
বোলাঁ ৰাম ৰাম হৌক পাতক নিৰ্জন॥
—
মাৰীচ সুবাহু বধাৰ্থে ৰাম লক্ষ্মণক
আনিবলৈ বিশ্বামিত্ৰৰ আগমন॥
দুলৰি।
শুনা আত পৰে, কথা নিৰন্তৰে,
চৰিত্ৰ যেন ৰামৰ।
পৰলোক হিত, ঋষি বিশ্বামিত্ৰ,
আৰম্ভিলা যজ্ঞবৰ॥
মাৰীচ সুবাহু নামে দুইজন
ৰাক্ষস আতি দুৰ্জ্জন।
চতুৰ্দ্দশ কোটি ৰাক্ষসা সহিতি,
কৰয় যজ্ঞ উছন॥
বাৰম্বাৰে ঋষি আৰম্ভন্ত যজ্ঞ,
অনেক কৰি যতন।