পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
ৰামায়ণ।

দেখয় গম্ভীৰ কোটি সমুদ্ৰত কৰি।
ক্ষমাগুণে কোটি বসুন্ধৰা নুহি সৰি॥
বৈৰ্য্যে কোটি এক মেৰু নুহি পটন্তৰ।
শ্ৰমত সমান নুহি কোটি মহেশ্বৰ॥
কোটি এক সূৰ্য্য সম নুহি প্ৰতাপত।
এক কোটি যম সম নুহিকে ক্ৰোধত॥
বিলাসত সম নুহি কোটি পুৰন্দৰ।
শীতলত চন্দ্ৰ কোটি নুহি সমসৰ॥
গজেন্দ্ৰ কোটিকো জিনি গমন-গম্ভীৰ।
কোটি হেমৱন্ত জিনি নিকম্প শৰীৰ॥
অমৃত কোটিতো কৰি দেখয় মধুৰ।
ৰূপে কোটি কন্দৰ্পৰো দৰ্প কৰে চুৰ্ণ॥
নুহি দুৰ্গা কোটি সম শত্ৰু মৰ্দ্দনত।
ইতিনি ভুবনে সম নাহিকে দানত॥
কোটি এক বহ্নি নুহি তেজত সমান।
বৃহস্পতি কোটি জিনি শাস্ত্ৰত সুজান॥
এক কোটি ব্ৰহ্মা সম নুহিকে মানত।
ধনুৰ্গুণে সম নাহি ইতিনি লোকত॥
আনো নানা গুণ যত আছয় ৰামত।
ত্ৰিভূবন মাজে কোনে বৰ্ণাইবে শকত॥
অনন্ত শকতি ধৰ পৰম ঈশ্বৰ।
যাহাৰ কিঙ্কৰ হৰ ব্ৰহ্মা পুৰন্দৰ॥
যাক যোগেশ্বৰ সবে চিন্তন্ত ধ্যানত।
তেন্তে ৰামৰূপে আসি ভৈলন্ত বেকত॥
নিজ গুণ যশ মহাধৰ্ম্ম মাজে সাৰ।
কৃপায় কৰিলা আসি লোকত প্ৰচাৰ॥
আক শুনি ভণিয়া তৰোক সৰ্ব্বজনে।
ঈশ্বৰৰ অৱতাৰ এহিসে কাৰণে॥