সকলো প্ৰকাৰ উপদেশতকৈ জীৱনৰ দৃষ্টান্ত বেছি কাৰ্য্যকাৰক। সৎকাম কৰিবলৈ, ধৰমত চলিবলৈ, দেশৰ নিমিত্তে জীৱন দিবলৈ, উপদেশ দি কিতাপ লিখা বা দীঘল দীঘল বক্তৃতা দিয়া বৰ সহজ কাম। কিন্তু সেইবিলাক উপদেশ মতে কাম কৰা বৰ টান। এই কাৰণে মূখৰ উপদেশ মানুহে বৰকৈ নেমানে আৰু নানা প্ৰকাৰ ওজৰ উলিয়াই সেইমতে কাম কৰিবলৈকো বৰ যতন নকৰে। কিন্তু মানুহে বাস্তৱতে যি কাম এবাৰ কৰিছে, সেই কাম টান হলেও অসাধ্য বুলি ওজৰ কৰিবলৈ বাট নেথাকে। মানুহৰ জীৱনৰ আৰ্হি অব্যৰ্থ-বীজ—সি সকলো ঠাইতে গজে। আৰ্হি-জীৱনৰ আৰ্হি নলৈ মানুহে নোৱাৰে। তুমি যদি মুখেৰে আনক এক প্ৰকাৰে কাম কৰিবলৈ উপদেশ দিয়া কিন্তু নিজে আন প্ৰকাৰে কৰা, তেন্তে তোমাৰ কৰা কামহে মানুহে অনুকৰণ কৰিব। সকলো দেশ আৰু সকলো কালৰ ঘটনাবিলাক প্ৰায় একে। ইতিহাস আৰু জীবন- চৰিত ঘুৰিব লাগিছে। সেই দুখ, সেই সুখ, সেই উন্নতি, সেই অৱনতি, সেই যুদ্ধ, সেই শান্তি, সেই ৰোগ, সেই শোক, সেই পাপ-তাপ, সেই সম্পদ-বিপদ— সকলো ঠাইতে সকলো কালতে ৰথৰ ঘিলাৰ দৰে ঘুৰিবই লাগিছে। এই ঘটনাচক্ৰৰ আৱৰ্ত্তবিলাক জলন্ত দৃষ্টান্ত, —অব্যৰ্থ উপদেশ। ঘটনাৰ পৰা ৰজা, প্ৰজা সকলোৱ উপদেশ পাব পাৰে। মেটচিনিৰ মহৎ জীৱনৰ আৰ্হি কোন জাতিয়ে নলৈ থাকিব? যিশুখ্ৰীষ্টই যি কাম নিজে সাধন কৰিব নোৱাৰিলে, তেওঁৰ জীৱনৰ দৃষ্টান্তই সেই কাম সাধন কৰাইছে। তেওঁ নিজৰ গুণতে আজি ধৰ্ম্মজগতৰ এজন প্ৰতাপী ৰজা। সেই দৰে বুদ্ধ, নানক, চৈতন্য আপোন আপোন জীৱনৰ আৰ্হিৰ দ্বাৰাই জগতৰ শিক্ষাগুৰু। সজ জীৱনৰ দৃষ্টান্ত উন্নতিৰ মূল-মন্ত্ৰ।
জগতৰ উপকাৰৰ নিমিত্তে সকলো ডাঙ্গৰ মামুহৰে জীৱন-চৰিত লিখি ৰখা আৱশ্যক। এটি ডাঙ্গৰ জীৱনৰ কথা হেৰালে জগতৰ পূৰাব নোৱৰা ক্ষতি হয়। ভাৰতবৰ্ষ মহাৰত্নৰ জন্মভূমি। ব্যাস, বশিষ্ঠ, শুকদেব আদি ভাৰতবৰ্ষত কত কত মহাৰত্ন উদ্ভৱ হৈছে; কিন্তু দুখৰ কথা, সেইসকলৰ বিশেষ বিৱৰণ একো নাই। ভগৱান মনুৰ জীৱন-চৰিত, ব্যাস বাল্মীকিৰ জীৱন-চৰিত কালিদাস ভৱভূতিৰ জীবন-চৰিত কি অমূল্য বস্তু হলহেঁতেন। ভাৰতৰ মহাপুৰুষসকলৰ আচল জীৱন-চৰিত নথকাত জগতৰ মহা ক্ষতি হৈছে।