পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
গুই চণ্ডালৰ বৃত্তান্ত।

এতেকে অজৰামৰ হোৱে সিতে জন।
লৈলোঁ আজি মাত্ৰ মই তোমাত শৰণ॥
এতেকতে মোক মিত্ৰ বুলিয়া ধৰিলা।
এহিতো অতৰ্ক তযু বিপৰীত লীলা॥
আনো নানা স্তুতি-নতি কৰিলা ভকতি।
পাচে তাঙ্গ বিদায় দিলন্ত ৰঘুপতি॥
ৰামত মেলানি পায়া কৰি যোৰহাত।
দণ্ডৱতে পৰি আতি কৰি প্ৰণিপাত॥
মাথাত মাখিল চৰণৰ ধূলি আনি।
পুনৰপি কৃতাঞ্জলি বুলিলন্ত বাণী॥
তোমাৰ চৰণে ৰতি নুগুচোক মোৰ।
যাক দৰশনে পাপ এৰাইলোঁ দোৰ্ঘোৰ॥
ধৰিবাহা আমাক দাসৰ বুলি দাস।
জন্মে জন্মে এহি চৰণত হোক আশ॥
এহি বুলি কতো দূৰ গৈলা পাচভৰি।
পুনৰপি প্ৰণামিলা দণ্ডৱতে পৰি॥
ৰাম পাদপদ্ম দুই মনে ধৰি লৈল।
সৈন্যসমে গুহ নিজ স্থানে চলি গৈল॥
অনন্তৰে দশৰথ নৃপতি প্ৰধান।
পাত্ৰ পুত্ৰ সসৈন্যে কৰিয়া গঙ্গাস্নান॥
চলিবাক চান্তে দিনকৰ অস্ত গৈল।
দেখি ভৰদ্বাজৰ আশ্ৰম গৈয়া পাইল॥
চাৰি পুত্ৰ সমন্বিতে ৰাজা শুদ্ধ মনে।
কৰিলন্ত নমস্কাৰ ঋষিৰ চৰণে॥
ভৰদ্বাজে বেদ মন্ত্ৰ কৰিলা সম্বাদ॥
পুত্ৰে সমে ৰাজাক কৰিলা আশীৰ্ব্বাদ।
নানাবিধ দ্ৰব্যে মুনিৰাজ কৌতূহলে।
অতিথিৰ ব্যৱহাৰ কৰিলা সকলে॥