শুনি ৰাঘৱৰ মহা কৰুণা মিলিল।
অনেক বিনয় কৰি পিতৃক বুলিল।
শুনিয়োক পিতৃ কৃপা কৰিয়োক মোক।
গুহ নৃপতিক মেলি মোহোক দিওক।
জগতৰ পতি ৰামদেৱৰ বচন।
শুনি দশৰথৰ সন্তুষ্ট ভৈল মন।
স্বভাৱে ৰামত দয়া ৰাজাৰ বিস্তৰ।
মেলিয়া গুহক তাঙ্ক দিলা নৃপবৰ॥
পাইলন্ত গুহক ৰামে পিতৃত মাগিয়া।
কৰিলা আশ্বাস বস্ত্ৰ অলঙ্কাৰ দিয়া॥
অনেক শাসন ৰামে দিলা গ্ৰাম দেশ।
নিৰ্ভয় বচনে তাঙ্ক বুলিলা অশেষ॥
আজি ধৰি গুহ তুমি ভৈলা মোৰ মিতা।
থাকিয়োক মুখে কিছু নকৰিবা চিন্তা॥
হেন শুনি গুহ চণ্ডালৰ অধিপতি।
ৰামক বুলিলা কৰি অনেক ভকতি॥
কৈৰ মই হীন জাতি চণ্ডাল অধম।
তুমি ত্ৰিজগত গুৰু ঈশ্বৰ পৰম॥
ব্ৰহ্মা হৰে নাজান যাহাৰ মহিমা।
চাৰি বেদে কহি যাৰ নাপাৱন্ত সীমা॥
অধমো উদ্ধৰে যাৰ নাম লৈলে মাত্ৰ।
মই কেনে তোমাৰ মিত্ৰৰ ভৈলোঁ পাত্ৰ॥
কেমনে তৰ্কিবো প্ৰভু তোমাৰ লীলাক।
কৰা অনুগ্ৰহ কেনে কেতিক্ষণে কাক॥
নাহিক তোমাত জাতি আচাৰ বিচাৰ।
তযু পদে শৰণ কৰোক মাত্ৰ সাৰ॥
এতেকে তোমাৰ তাত কৰুণা মিলয়।
যেই সেই মতে যেন অমৃত পিৱয়॥
পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৮৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
ৰামায়ণ