পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭৫
সাহিত্যৰ সাধাৰণ লক্ষণ।

পদ্য বা মিহলি পদ্যহে বুলিব পাৰি। এনেকুৱা মিহলি পদ্য সময়ে সময়ে বহুত দেখা যায়। ইয়াৰ কাৰণ এই যে যি জনে পদ্য লিখে তেওঁ পদ্য কিহক বোলে ভালকৈ নাজানে; কেৱল ছন্দত কথা লিখিবলৈ শিকিয়েই পদ্য লিখিবলৈ ধৰে। আৰু মাজে মাজে এনে গদ্যও দেখা যায় যাক কোনো মতে গদ্য নাম দিব নোৱাৰি। পদ্যৰ অযোগ্য কথা পদ্যত আৰু গদ্যৰ অযোগ্য কথা গদ্যত লিখাই অবশ্য এই দোষৰ কাৰণ।

এতিয়ালৈকে পদ্যৰ বিষয়ে যিযি কথা কৈ অহা হৈছে, সি কেৱল পদ্যৰ লক্ষণ মাথোন। ইয়াক পঢ়িলে পদ্যৰ আকৃতুই-প্ৰকৃতি, দোষ-গুণাদি বাজৰ ভাগটোহে জনা যাব। কিন্তু পদ্য ৰচোঁতে কি কি নিয়মে চলিব লাগে, তাৰ এটা কথাও কোৱা হোৱা নাই। এই নিয়মবোৰ যে কেৱল পদ ৰচোঁতেহে লাগে তেনে নহয়, তাৰ দোষাদোষ বিচাৰতো নহলে নচলে। তুমি ভাবিব পাৰা, যে লঘু গুরু চাই আখৰ লিখি শব্দ পাতিলেই পদ্য হয়। এই বিশ্বাস বৰ ভুল। পদ্য ৰচনা কৰোঁতে বহুত চিন্তাৰ এয়োজন। যি শব্দবোৰ ব্যৱহাৰ কৰিবা, তাক লেখি-জুখি, গঢ় চাই, ভাব চাই লিখিলে হে কবিতা ভাল হয়। যেনে তেনে প্ৰকাৰে পদ মিলাই গলে পদ্য নহয়, ছন্দ হব পাৰে। পদ্য লিখিবলৈ ধৰিবৰ আগেয়ে সেই বিষয়টো মনত থিৰ কৰি লব লাগে। যি কথা লিখিবা তাক ভালকৈ লবা। মানুহৰ এটা গুণ আছে, যে বহুত দিনীয়া পুৰণি কথাকো ভাবি ভাবি এই নতুন কৰি তুলিব পাৰি। ইয়াৰ প্ৰমান অগপ গমি চালেই পোৱা যায়। যাৰ বৰ চেনেহৰ ভাই বা ককাই মৰি গৈছে, সি যদি সেই কথা বাৰ বছৰৰ মূৰত এদিন ভাবে অৰ্থাৎ সেই সময়ত কিকি হৈছিল, তাৰ ভায়েক কেনেকৈ নৰিয়া পৰিল, সেই নৰিয়া লাহে লাহে কেনেকৈ টান হল, মৰিবৰ অলপ আগয়ে ভায়েকে কেনে কৰিছিল, কি কি কথা কৈছিল, আৰু মৰিলত তাৰ মনত কি কি ভাব ওলাইছি, এইবোৰ কথা যদি একান্ত মনে অকলৈ বহি ভাবিবলৈ ধৰে, তেনেহলে পুনৰায় সেই ভাব মনত জাগি উঠি, চকুৰ পানী ওলাব, আৰু মন ব্যাকুল হৈ পৰিব। গৰ মনত তেতিয়া এনে শোক লাগিব, যে ভায়েক যেন সেই দিনাহে মৰিছে। সকলো পুৰণি কথাকে এই দৰে ন কৰি লব পৰা যায়। যি বিষয় তুমি পদ্য লিখিব খোজা, সেই বিষয় এই দৰে ভাবি ভাবি মনত একেবাৰে নতুন কৰি