পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
সাহিত্য বিচাৰ।

লিখা পুৰণি কিতাপ পঢ়ি চালে লৰাই লিখা যেন বোধ হয়। কিন্তু সময় ক্ৰমে মানুহে গদ্যৰ ৰস বুজিব পৰা হল, আৰু তাক কেনেকৈ সুললিত বা মনোৰম কৰিব পাৰি, তাৰো উপায় শিকিলে। আজি কালি গদ্যৰহে বেছি আদৰ, পদ্যৰ দিন এক প্ৰকাৰে গল বুলিবই পাৰি। এতিয়া যেয়ে যি লিখে তাক পৰাপক্ষত পদ্যত নেলেখে। আমাৰ দেশত গদ্য ওলাবৰ নিচেই অলপ দিনহে হৈছে। আগৰ দিনৰ খানচেৰেক গদ্যত লিখা বুৰঞ্জী আছে হয়, কিন্তু যথাৰ্থ মতে ৺ আনন্দৰাম ঢেকীয়াল ফুকনৰ দিনৰ পৰাহে আসামত গদ্যৰ সৃষ্টি হৈছে। প্ৰথমে তেওঁহে আমাৰ ভাষাত গদ্য লিখি যায়। বঙ্গলা ভাষাত প্ৰথমে ৺ৰামমোহণ ৰায়ে গদ্য লিখে।

 ওপৰত লিখা কথাটো আগেয়ে কোৱা উচিত আছিল। কিন্তু তেতিয়া এই বিষয় ধৰিলে আমাৰ উদ্দেশ্য সিদ্ধি নহয় দেখি ইয়াত কোৱা হল। সম্প্ৰতি আমাৰ আলোচনাৰ বিষয় পদ্য। ইয়াৰ কথা আগয়ে যি যি কোৱা হৈছে তাৰ পৰা এনে বুজিব নালাগে যে আজি কালি পদ্যৰ গৌৰৱ একে বাৰে নাই। এতিয়াও দেশে দেশে কবি আছে, দেশে দেশে পদ্য ওলাবই লাগিছে। কিন্তু আগৰ দৰে জানিবা পদ্যই এক মাত্ৰ লিখাৰ প্ৰণালী নহয়। আজি কালি যি পদ্য লিখে সি আগৰ নিচিনা নহয়; আগতকৈ তাৰ লক্ষণ বহুত লৰিছে। কোন কোন অংশত লক্ষণৰ পৰিবৰ্ত্তন হৈছে তাৰ বিচাৰ কৰিবৰ আগেয়ে, পদ্য কিহক বোলে এই কথাটো ভালকৈ বুজি লব লাগিব। পদ্য বুলিলে সচৰাচৰ যি বুজা যায়, শব্দটো আমি সেই ভাবে ধৰা নাই; অৰ্থাৎ পদ্য বুলিলে কেৱল ছন্দত লিখা কথাকে নধৰিবা। আমাৰ অৰ্থ মতে গদ্য প্ৰৱন্ধত লিখা কথাও কেতিয়াবা পদ্য হব পাৰে। গদ্য আৰু পদ্য এই দুটা লিখাৰ প্ৰণালী। কিন্তু প্ৰণালী দুটি যে কেৱল শব্দ যোজনাতহে লগোৱা হয় এনে নহয়; ভাব, অৰ্থ, আৰু লক্ষণতো এই দুই নিয়মৰ ভিন্নতা থাকিব লাগে। মানুহৰ যেনেকৈ মতা আৰু মাইকী দুজাত আছে, সেই দৰে সাহিত্যৰো গদ্য আৰ পদ্য দুই বিধ। মতা মানুহ আৰু মাইকী মানুহৰ ভিতৰত যেনে আকৃতি, গঠন, লক্ষণ, স্বভাব, মাত, কথা, ভাব, ৰীতি, নীতি সকলো ভিন ভিন তেনেকৈ গদ্য আৰু পদ্যৰ ভিতৰতো সকলো বেলেগ বেলেগ। যদি কোনো অংশত পদ্যত লিখা কথাই গদ্যৰ ৰূপ লয়, তেন্তে তাক শুধ পদ্য নুবুলি গদ্য