লাভো প্ৰায় নহয়, গতিকে অধিক ভাগ হিন্দুৱে নিজৰ পৱিত্ৰ দেৱভাষা অনাদৰ কৰি অৰ্থকৰী ভাষাৰ সেৱক হৈ পৰিছে। সেই মহাপুৰুষসকল ধন্য, যিসকলে এই দিনত সংস্কৃত ভাষা আক সংস্কৃত সাহিত্যৰ উন্নতিৰ নিমিত্তে পুৰুষাৰ্থ কৰে। সেইসকল মহাপুৰুষৰ ভিতৰত স্বৰ্গীয় আনন্দৰাম বৰুৱা অগ্ৰগণ্য। বোধ কৰোঁ কোনো হিন্দুৱে আনন্দৰামৰ দৰে একান্ত মনে সংস্কৃতৰ উন্নতিৰ নিমিত্তে জীৱন উছৰ্গা কৰা নাই। অলপ দিনৰ ভিতৰতে কোনো লোকে আনন্দৰামৰ দৰে সংস্কৃত-সাগৰ মথি অমূল্য ৰত্ন উলিয়াই জগতক মোহিত কৰিব পৰা নাই। তেওঁৰ জীৱন হিন্দু মাত্ৰৰে—বিদ্যানুৰাগী মাত্ৰৰে-চৰ্চ্চা আৰু আদৰৰ বস্তু। আনন্দৰাম ভাৰতৰ আচল বন্ধু।
আনন্দৰাম বৰুৱা আসামৰো আচল বন্ধু। আসাম অতি পুৰণি ৰাজ্য; অতিজৰেপৰা আৰ্য্য হিন্দুসকলে এই দেশত বাস কৰিছে। মহাভাৰত, পুৰাণ আদি পুৰণি পুথিত এই দেশৰ নাম পোৱা যায়। বশিষ্ঠ আদি ঋষিয়ে এই দেশত তপস্যা কৰিছিল। আসাম দেৱ-দেৱীৰ মন্দিৰেৰে ভৰা। ইয়াত পৰশুৰাম কুণ্ড আদি তীৰ্থ আছে। ইয়াত কৌণ্ডিল্য, শোণিতপুৰ, কামরূপ, মণিপুুৰ, হিড়িম্বপূৰ, জয়ন্তা আদি কৰি প্ৰাচীন ৰাজ্য আছিল। আসাম পুৰণা ঐতিহাসিক ঘটনাৰে পূৰ্ণ। ইয়াত বহুত ঠাইত পুৰণি নগৰৰ চিন, দেৱালয়ৰ ভগ্নাৱশেষ, শিলৰ মূৰ্ত্তি, শিলৰ ঘৰ আৰু শিলৰ ওপৰত কটা আখৰ আছে। এইবিলাকৰপৰা জানিব পাৰি যে আসাম আগেয়ে এখন সভ্য আৰু উন্নত দেশ আছিল। বিশেষকৈ ইযাত পূৰ্বে সংস্কৃতৰ বৰ চৰ্চ্চা হৈছিল। ইয়াত অনেক অগাধ পণ্ডিতৰ জন্ম হৈছিল। যোগিনীতন্ত্ৰ, ৰত্নমালা ব্যাকৰণ আদি ভালেমান ভাল সংস্কৃত পুথি অসমীয়া পণ্ডিতে লিখিছিল। শঙ্কৰদেৱ আদি কবিয়েও সংস্কৃত ভাঙ্গি অনেক অসমীয়া পুথি কৰিছিল। কিন্তু আসামৰ এতিয়া সেই দিন নাই। শঙ্কৰদেৱ, পুৰুষোত্তম ঠাকুৰ, অনন্ত কন্দলিৰ নিচিনা মহাপুৰুষসকল এতিয়া প্ৰায় নোপজে। অৱশ্যে অকল পুৰণি বস্তুৰেই অসমীয়াই সভ্যতা, আৰু উন্নতিৰ খট্খটিত বৰ আগটীবাঢ়িব নোৱাৰে। আমাৰ পুৰণি সভ্যতা, পুৰণি ভাষা আৰু পুৰণি ভাববিলাক এই কালৰ নিমিত্তে সম্পূৰ্ণ নহয়। আমাক ইংৰাজী সভ্যতা, ইংৰাজী ভাষা আৰু ইংৰাজী ভাবো লাগে। দুইৰো সাৰ সাৰ অংশ বাছি লব পাৰিলেই আমাৰ উন্নতি সম্পূৰ্ণাঙ্গ হব। ন-পুৰণি