পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৭
সাহিত্যৰ সাধাৰণ লক্ষণ।

সুদীৰ্ঘ নুবুলি এশ বা ডেৰ শ হাত বুলি আচল জোখটো দিয়া যায়, তেনেহলে প্ৰৱন্ধৰ ভাষা সুললিত নহব পাৰে, বা আন কোনো প্ৰকাৰে বেয়া হব পাৰে। এই কথাটো মানুহে গমি নাচায়। বৰ্ণনাত যি পায় তাক বিশ্বাস কৰে। ৰামায়ণত কয় যে হনুমন্তে হেনো নোমে নোমে একোটা পৰ্ব্বত বান্ধি লৈ জঁপিয়াইছিল, এই কথাটো কেৱল ভাবৰ বহুলতা মাথোন। ইয়াৰ দ্বাৰাই কবিয়ে দেখাইছে যে হনুমন্ত বৰ বলবান আছিল, তেওঁ বৃহৎ বৃহৎ পৰ্ব্বতকো তৃণ যেন দেখিছিল। আচলতে যে হনুমন্ত‌ই দহ হেজাৰ পৰ্ব্বত গাত বান্ধি লৈ জাঁপ মাৰিছিল এনে কথা নহয়। ৰামায়ণ আরু মহাভাৰতত এনেকুৱা শব্দ আৰরু ভাবৰ আধিক্য অনেক পোৱা যায়। আন আন পুথিতো আছে হয়, কিন্তু পৰিমানে ইমান নহয়। এই দুখন পুথিত কথাবোৰ ইমান বঢ়াই বঢ়াই লেখিছে যে তাৰ পৰা আচল সাৰ কথাখিনি বাছি উলিওৱা বৰ টান হৈ পৰিছে। পৃথিবীত আন যিবিলাক জাতি আছে তেওঁলোকৰ সাহিত্যতো এই দোষ বা দোষযুক্ত অলঙ্কাৰ আছে; কিন্তু হিন্দু, গ্ৰীক আৰু মুছলমানৰ সাহিত্যত বৰ বেছি পৰিমাণে দেখা যায়। আন জাতিৰ লিখকে যদি একক চাৰি কৰে, হিন্দু আরু মুছলমানে তাক চাৰি হাজাৰ নকৰে মানে নেৰে। এই দোষ অৱশ্যে একেবাৰে গুচাব নোৱাৰি, কিয়নো ই সাহিত্যৰ এবিধ অলঙ্কাৰ। কিন্তু বহুতকৈ এনেকুৱা অলঙ্কাৰ লগালে ভাষা শুৱনী নহৈ কদাকাৰহে হয়।

 ভাষাক অলঙ্কাৰ পিন্ধাবলৈ খোঁজোতে কেতিয়াবা মিছা কথাও কব লগা হয়, অৰ্থাৎ যি বস্তুটো বা গুণটো নাই তাকো আছে বুলি কব লগাত পৰে। এই দোষটো প্ৰায় আখৰ মিলাওঁতে বা শুনিবলৈ সুললিত কৰোঁতেহে হয়। এটা আখৰৰ নিচিনা আন এটা শব্দ লগাওঁতে লিখকে দুই চাইটা মিছা কথা লিখে। বিবেচনা কৰাঁ, এটা মানুহক তুমি উত্ৰাৱল বুলি বৰ্ণাইছা, কিন্তু উত্ৰাৱল শব্দটোৰ দৰে আরু দুই চাইটা শব্দ আছে; যেন উগ্ৰ, উষ্ণ, বা উতনুৱা। পিচে লিখকে যেতিয়া উত্ৰাৱল শব্দটা লিখে তেতিয়া ভাষা সুশ্ৰাব্য কৰিবৰ মনেৰে উগ্ৰ বা উতনুৱা কথাও লিখি পেলাব। লিখকে জানিব পাৰে, যে উত্ৰাৱল মানুহ জন উগ্ৰ বা উতনুৱা নাছিল, তেওঁ দুয়োটা শব্দ একে লগে লিখিলে শুনিবলৈ ভাল হয় দেখি তেওঁ অৰ্থলৈ বৰ কাণ নকৰে। এনেকুৱা কথা সকলো