পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
সাহিত্যৰ সাধাৰণ লক্ষণ।

মানুহে লিখা পঢ়া আৰম্ভ কৰে, তেতিয়াৰ পৰা সাহিত্যৰ ফাললৈকো চকু দিব লাগে; সদাই তাত মন দিলেহে পিছে উপকাৰ পোৱা যায়। যদি সৰুৰে পৰা সাহিত্যৰ লগত একো সময় নাৰাখা, তেন্তে ডাঙ্গৰ হলে তাৰ কেনেকৈ বুজিবা? একেই সাহিত্য এটা অটল বিষয়, তাতে যদি আৰম্ভৰে পৰা তাক হেলা কৰা যায়, তেনেহলে পিচে তাৰ সোৱাদ পোৱা বৰ টান। কিন্তু নিচেই সৰুতে সাহিত্য শিকিবলৈ ধৰাও উচিত নয়, কিয়নো তেতিয়া বহুত কথাৰ অৰ্থকে বুজি নাপায় আৰু অৰ্থ বুজি পালেও কথাৰ ভিতৰ সোমাই তাৰ সাৰ বিচাৰি উলিয়াব নোৱাৰে। যেতিয়া বুজি পূৰঠ হয়, জটিল কথাৰ আঁত বিচাৰি উলিয়াব পাৰে, আৰু নীৰস বিষয়ত লাগি থাকিবলৈ বেজাৰ নলগা হয়, তেতিয়াহে সাহিত্যৰ ফালে মন দিয়া যুগুত। সাহিত্য এবাৰ মন বহিলে আৰু শঙ্কা নাই। তাৰ সোৱাদ এবাৰ পালে পাহৰিব নোৱাৰি। সেই দেখিহে এজন কবিয়ে ঈশ্বৰ খাটিছিল, যে তেওঁক যেন এই পৃথিবীত আকৌ জনম দিয়ে, কাকে যেন তেওঁ সাহিত্য সুধা পান কৰিবলৈ পায়।

 সাহিত্যৰ সোৱাদ আন বিলাক মিঠা বস্তুৰ দৰে নহয়। আন আন বস্তুৰ সোৱাদ জিভাৰে পাওঁ, আন বস্তুৰ ৰূপ চকুৰে দেখোঁ। কিন্তু সাহিত্যৰ সোৱাদ মুখৰ জিভাৰে নাপায় তাক মনেৰে চাকিব লাগে, তেহে তাৰ রূপ বা সোৱাদ গম পোৱা যায়। সেই দেখি জিভা নোহোৱা মানুহেও সাহিত্যৰ ৰকম বুজিব পাৰে। কনাইও তাৰ রূপ দেখি ভোল যায়। সাহিত্য সম্ভোগৰ নিমিত্তে বহুত ধন-বিতে খৰচ কৰিব নালাগে, বা দেশ এৰি বিদেশলৈকো যাব নালাগে। ঘৰতে বহি সেই পৱিত্ৰ সুখ ভোগ কৰিব পাৰি। আৰু সুখৰ অন্তত কেতিয়াবা দুখ মিলে, কিন্তু সাহিত্যৰ পৰা আনন্দ পোৱা যায়, তাত বিষাদৰ অলপো মিহলি নাই। সাহিত্য কেৱল সুখৰ ভঁৰাল। নন্দন কানন যেনেকৈ দেৱতা সকলে অমৃত পান কৰি সকলো দুখ পাহৰে, সেই দৰে জ্ঞানী মানুহে সাহিত্য পঢ়ি বা সমালোচনা কৰি সংসাৰৰ চিন্তা পাহৰে আৰু পৰম হৰিষে কাল নিয়ায়। জ্ঞানী লোকৰ পক্ষে সাহিত্য জিৰণি লোৱা ঠাই। আনকি মানুহৰ যেতিয়া গৃহকৰ্ম্ম কৰি ভাগৰ লাগে, তেতিয়া তেওঁলোকে গীত-বাজনা বা আন কোনো