পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
সাহিত্য-সংগ্ৰহ

নিয়মে জীৱবিলাকৰ মাজত তাৰতম্য ঘটাৰ দ্বাৰাই সিহতৰ এক ডাঙ্গৰ উপকাৰ সধা হব লাগিছে। যিমান প্ৰভেদ বাঢ়িছে সিমান জীৱবিলাক নতুন নতুন জাতিত বিভক্ত হৈছে, সিমান সেইবাবে জীৱনৰক্ষাৰ কাৰণে কৰা যুজৰ তেজ কমিছে, কাৰণ একে ৰকমৰ জীৱৰপৰা প্ৰভেদ ঘটি নানাবিধ জীৱৰ সৃষ্টি হোৱাৰপৰা সিহতৰ সংখ্যা কমি সিহঁতৰ মাজত প্ৰতিদ্বন্দিতা লঘু হৈছে। প্ৰকৃতিৰ ই এক আচৰিত কৌশল!

 আমি আগেয়ে জীৱশ্ৰেণীক এডাল জখলাৰে তুলনা কৰিছোঁ। এতিয়া আকৌ কওঁ যে জীবসমূহক ঘাইকৈ এডাল ভাঙ্গৰ গছেৰে ভালকৈ তুলনা কৰিব পাৰি। গছডাল মাটিৰপৰা ওপৰলৈ উঠাতে একেডাল ডাঙ্গৰ গুৰি হৈ থাকে, তাৰ ওপৰৰ পৰা বেলেগ বেলেগ ডাল বিভক্ত হয়। গছডালৰ সতে থাকোতে বহুত পোখা ওলায়, কিন্তু সেই এটাইবিলাক নেবাঢ়ে। কিছুমান ৰস নোহোৱা হৈ সৰি পৰে, কিছুমানহে বাঢ়ি ডাল-দীঘল হয়। সিহতৰ পৰা সেই দৰে আৰু বহুত সৰু ভাল হয়, তাৰে কিছুমান মৰে। মৰা ডালবিলাক ভাগি পৰি মাটিত পোত খাই থাকে। আমি জীৱবিলাকৰ যি ক্ৰমিক অভিব্যক্তি দেখুৱালোঁ সিও ঠিক এনেকুৱাই।

 বহুতে এই অভিব্যক্তিবাদৰ প্ৰতিবাদ কৰি কয় যে যদি দৰাচলতে সকলো প্ৰকাৰৰ প্ৰাণ মূলতে একেটা উৎত্তিৰপৰা জন্মিছে, তেনেহলে আমি জীৱশ্ৰেণীক এনে অঙ্গহীন দেখোঁ কিয়? যদি পৰিবৰ্তনৰ সোঁতত জীৱবিলাকৰ বহুত জাতিৰ লোপ পোৱাৰ বাবে তেনে অঙ্গহীন হৈছে তেনেহলে ভূগৰ্ভত সেই এটাইবোৰ হেৰোৱা অঙ্গৰ চিন দেখা নযায় কিয়? কিন্তু অলপ ভাবি চালেই বুজিব পাৰি যে আচলত ভীগৰ্ভতত্বৰ এতিয়াও উন্নতি হোৱা নাই। ভূগৰ্ভৰ আৰু কত কি আছে এতিয়াও আমি জানিব পৰা নাই। আৰু এটা কথা; অঙ্গ বিলাক একে সময়তে হীন হোৱা নাই, সেই বাবে একে ঠাইতে সিহঁতৰ চিন পোয়া টান। মাটিৰ তলৰপৰা এটাইবিলাক লুপ্ত হোৱা জীৱৰ চিন বিচাৰি উলিয়াবলৈ আৰু কতযুগ লাগিব আৰু কোনে কব পাৰে? আকৌ এটা ঘাই আপত্তি এই যে যদি একেটা মূল জীৱৰপৰা সকলো জীৱৰ সৃষ্টি হৈছে তেনে হলে বিস্তীৰ্ণ সাগৰ আৰু অভেদ্য পৰ্ব্বতমালাৰ দ্বাৰাই পৃথক হোৱা পৃথিবীৰ বেলেগ বেলেগ অংশ প্ৰায় একে ৰকমৰ জীৱ কৰ পৰা হল। এইটো ভাবিব