কমে। সেই বৰফ তাপত ভাপ হলে আমি আৰু বৰফ দেখিবলৈ নেপাওঁ। কিন্তু সেই বুলিয়েই যে বৰফৰ অণু পৰমাণুৰ লোপ হল এনে নহয়, যি অণুবিলাকেৰে বৰফ ডোখৰ গ্ৰথিত হৈছিল, সেই অণুবিলাক তাপত বাস্পকণা হৈ অদৃশ্য় হে হল। সুযোগ পালেই সেই বাস্পকণাবিলাক লগ লাগি আকৌ পানী হব, আৰু সেই পানী শীতল হলে বৰফ হব পাৰিব। কাঠ এডালি পুৰি ছাই হলে কাঠ ডালিৰ পৰমাণুবিলাক ৰ্যে লোপ পালে এনে নহয়। যি যি ভৌতিক পদাৰ্থেৰে কাঠডালি নিৰ্মিত হৈছিল, সেই ভৌতিক পদাৰ্থবিলাকৰ রূপান্তৰ মাথোন হল। কাঠ ডালিৰ কেতখিনি ভৌতিক পদাৰ্থ পুৰি ধোঁৱাত পৰিণত হল, সেই ধোঁৱা বায়ুৰ লগত মিহলি হল, আৰু সেই বায়ুৰ পৰাই আকৌ পৃথিবীৰ নানা তৰহৰ বস্তুৰ উংপাদন হল। ইপিনে আকৌ কাঠডালিৰ কিছুমান ভৌতিক পদাৰ্থ ছাইত পৰিণত হল , সেই ছাই কালে মাটিৰ লগত মিহলি হৈ মাটিক সাৰুৱা কৰিলে, সেই মাটিতে আকৌ নকৈ গছ গজিল সেই গছে আকৌ সেই মাটিৰ সাৰ লৈ উৎপত্তি, বৃদ্ধি বিকাশ হবলৈ ধৰিলে।
এতিয়া দেখা গল যে, পৃথিবীৰ সকলো বস্তুৰ প্ৰলয় থাকিলেও মূল পৰমাণুৰ প্ৰলয় বা ধ্বংশ নাই। ভৌতিক বা ৰাসায়নিক ক্ৰিয়াত সংযোগ, বিয়োগ ইত্যাদি ক্ৰিয়াত সকলো বস্তুৰে উৎপত্তি, বৃদ্ধি বিকাশ কৰে আৰু বিয়োগ রূপান্তৰ ক্ৰিয়াত সকলো বস্তুৰে ধ্বংস সাধন কৰে। মূলতে সকলো বস্তুৰে পৰমাণু একে। ক্ৰিয়া আৰু অৱস্থাভেদে সেই একেবিধ পৰমাণুৱেই বেলেগ বেলেগ বস্তুত বেলেগ বেলেগ ক্ৰিয়া আৰু গুণবিশিষ্ট অণুৰ স্ৰজন কৰে। উদ্ভিদ আৰু চেতন প্ৰাণীৰ শৰীৰত এই অণুবিলাক লগ লাগি কোষ নামেৰে এই দুই শাৰীৰ মূল কণা এটি উৎপত্তি কৰে; এই মূল কণাৰে পৰা দুয়ো জগতৰ বস্তুবিলাক সৃষ্টি হৈছে। এই দুয়ো জগতৰ যিমান ওপৰ খাপলৈ উঠা যায়, সিমান দুয়ো বিধৰ কোষৰ গুণ আৰু ক্ৰিয়া বেলেগ দেখা যায়, সিমান দুয়ো বিধ কোষৰ গুণ আৰু ক্ৰিয়াও মিল দেখা যায়। এই দুয়ো জগতৰ কি কি মিল আৰু কি কি অমিল আছে, ইয়াৰ আলোচনা কৰাৰ আগেয়ে চোৱা যাওক এই দুই জগতৰ কোষ কি?