পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
সাহিত্য-সংগ্ৰহ।


 কৰিবলৈ সময় ভাগ কৰি থলে ঘড়ীয়ে টং টং কৰি বাজি, এইটো ধৰিবৰ সময় এইটো এৰিবৰ হল বুলি আমাক সোৱঁৰাই দি কাৰ্য্যত উত্তম সহায় হব পাৰে, আমাৰ মন নহলে আমাক কাৰ্য্যলৈ টানি নিব নোৱাৰে। এতেকে এই বিধৰ সহায় কিমান পটু তাক নেপাহৰি উচিত পৰিমাণে ব্যৱহাৰ কৰা একো বেয়া নহয়।

 শেষত আমি ইয়াকে কওঁযে আত্মশিক্ষা কৰাটো বৰ টান; কিন্তু ঢিলা কামেৰে কেইটা ভাল কাম হয়? ইয়াত শিক্ষক ছাতৰ একে জনেই; সেই কাৰণে যদি বোলা, ছাতৰে আওপাক মাৰিব হে খোজে, আমি কব পাৰোঁ ইয়াকে যে শিক্ষকে নো আওপাক মৰিব নোৱাৰিব কিয়? শিক্ষক টানমুখীয়া হলে যিটি ছাত্ৰ পাইছা তেওঁ শিক্ষকৰ বশ হবই লাগিব। সেই গুণে যদি আত্মশিক্ষা ঢিলা নহয়, সাতুৰি সাগৰ পাৰ হোৱাৰ নিচিনা টানো নহয়; মন কৰিলেই বহুত কৰিব পাৰি।

⸻⸻

জয়মতী কুঁৱৰী আরু লাঙ্গি-গদাপাণি।

  ষোড়শ শতিকাৰ শেষ ভাগৰপৰা সপ্তদশ শতিকাৰ প্ৰাৰম্ভলৈকে আহোম ৰাজ্যৰ ভিতৰত এটা ভয়ঙ্কৰ বিপ্লৱ হৈছিল। প্ৰায় ৮। ৯ বছৰৰ ভিতৰত আহোমৰ সিংহাসনত ছজনমান ৰাজপুৰুষ বহে। এই সময়ত মন্ত্ৰীসকলে ভালকৈ ৰাজকীয় ক্ষমতাৰ বিপক্ষে মূৰ পাতি উঠিছিল। ১৫৯২ শকৰ পৰা ১৬০১ শঁকলৈকে যি দুজনা ৰজা হয়, তাৰে চাৰি জনে মন্ত্ৰীসকলৰ কোপদৃষ্টিত পৰি অকালতে প্ৰাণ হেরুৱায়, এজনে ধিক্কাৰ বেজাৰতে আত্মঘাতী হয়, এজন হে স্বাভাবিকৰূপে মৰে। এওঁ লোকৰ শেষত চুলিক্‌ফা ৰজা হয় (১৬০ শঁক)। এওঁ নিচেই কটাৰীনলীয়া আৰু লৰামীয়া মানুহ আছিল দেখি এওঁক সকলোৱে লৰা ৰজা বুলি মাতিছিল। এওঁ সিংহাসনত বহিয়েই কেনেবাকৈ