পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
সাহিত্য-সংগ্ৰহ।

সেই মানুহৰ লগ এৰি যি মানুহে নিজ কৰ্ত্তব্য কৰাকে এটা সুখ মানে তেনে মানুহৰ লগ লোৱা তোমাৰ এটা উত্তম সহায় নহব নে? ধোঁৱাত থলে সোণো এলান্ধুৱা হয়, আরু সোণৰ লগত কাচেও উজ্জ্বল বৰণ ধৰে, এই কথা গমি চালেই আমি কোৱা কথাৰ প্ৰমাণ হব, নিজৰ মনক উন্নত কৰিলেই ইয়াক কৰিবলৈকো ইচ্ছা হব, হাতেৰে ভাঙ্গি কুঁৱলি গুচাব নোৱাৰি, কিন্তু কিছু ওপৰলৈ উঠিলেই কুঁৱলি তলত পৰি থাকিব, তোমাক ছুবকে নোৱাৰে। ওখলৈ উঠিবলৈকো প্ৰথমে যেনেকৈ কুঁৱলিৰ হাত সাৰিবৰ ইচ্ছা প্ৰথমতে হব লাগে, অসৎ সঙ্গ আদি এৰিবলৈকো প্ৰথমে ইচ্ছা হব লাগে, আরু মনক উন্নত নকৰামানে বেয়া কামক মনে-চিতে ঘিণাবলৈ নিশিকা মানে সেই ইচ্ছা নহয়।

 ওপৰত কৈ অহাবোৰ—পাপ গুচাবৰ উপায় ৰোগৰ ঔষধ! অকল তাকে মনত ৰাখিলে আৰু আত্ম-শিক্ষাৰ উপায় কেৱল সেইবিলাককে মানিলে, নৰীয়াক শুদা ঔষধ খুউৱাৰ দৰে হ’ব। ৰোগীক অকল ঔষধ খুৱালেই আৰু অপথ্য নুখুৱাই থলেই ৰোগৰ উপশম হোৱা টান; গাত বল-শক্তি হবলৈ পণ্য বস্তু খুৱাবও লাগে। আমাৰ বেয়া অংশ গুচাবলৈকো ভালৰ অংশক পোহপাল দিলে হে সুযোগ হয়। সকলো মানুহৰে বেয়া যিমানেই থাকক ভাল গুণও কিছুমান থাকে। এই ভালসকলৰ উন্নতিলৈকো সততে চকুদি থাকিব লাগে। বেয়া স্বভাৱ গুচাবলৈ যিবোৰ গুণৰ চৰ্চা কৰোঁহক তাৰ লগতে এইবিলাক সহায় হব। পূণ্যৰ সংখ্যা যিমান বাঢ়ে পাপৰ সংখ্যা সিমান কমিব, পাপে থাকিবলৈ ঠাই নেপাই অপোনা-আপুনি পলাব লাগিব। পাপ সৰহ হলে পূণ্যই ঘিণত আঁতৰ হয়; পূণ্য সৰহ হলে কিন্তু পাপক দংশে।

 কোনো লোকৰ এটি বিশ্বাস থাকে যে পেটত ভাল ভাৱ থাকিলে মুখেৰে বা বাহিৰা কামত তাক প্ৰকাশ কৰা নকৰাত একো কথা নাই। এইটি কিন্তু ভুল, তোমাৰ মনত অনেক ভাল ভাব থাকিব পাৰে, কিন্তু সেই ভাব অনুসৰি কাম কৰিব নোৱাৰিলে থকাৰ লাভ কি? ভাল ভাৱ মনত থকাত বেয়া নকৰি থাকিব পাৰিব পাৰা; কিন্তু ভাল কৰাটো আৰু ক'ত হব? আমি অকল বেয়া নকৰাকৈ থকাই কিন্তু ঈশ্বৰৰ ইচ্ছা নহয়, আমাক দিয়া শক্তিফেৰা অপব্যয় নকৰি তাৰ জোখাৰে ভাল কামো কৰিব লাগে। নিজে দুখ কৰি উপাৰ্জন কৰিব লাগে, এই কথা জানিলেই হয় আৰ্জ্জিবও লাগে। তদুপৰি মনৰ