পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
মানৱজাতিৰ সভ্যতা।

উন্নতি কৰিছিল, যি সময়ত আৰ্যাৱৰ্ত্তত পৰাক্ৰমী হিন্দু ৰজাবিলাকে অসংখ্য ডাঙ্গৰ ডাঙ্গৰ নগৰ ৰাজ্য পাতিছিল, চীনবিলাকে প্ৰকাণ্ড গড়েৰে গোটেইখন চীন দেশ বেঢ়ি পেলাইছিল, মিশৰত পিৰামীড সজা হৈছিল, বেবিলনৰ নাম গোটেই এছিয়াত বিখ্যাত হৈ উঠিছিল, এথেন্স্, থিবচ্, মৰ্ম্মৰ শিলৰ মূৰ্তি আৰু অট্টালিকাৰে পৰিপূৰ্ণ আছিল, টাইবৰৰ পাৰত পৰাক্ৰমী ৰোমাণবিলাকৰ ৰাজধানী ইউৰূপৰ শ্ৰেষ্ঠ মানুহবিলাকৰ ৰাজধানী থকা ঠাই হৈ উঠিছিল, সেই সময়ত আধুনিক সভ্য জাতি ইংৰাজ, জাৰ্মাণ, ফৰাচী, মাৰ্কিণ প্ৰভৃতিৰ পূৰ্ব্বপুৰুষবিলাকে হাবিত বাঁহপাতৰ ঘৰ সাজি বাস কৰিছিল, গছৰ ছাল পিন্ধিছিল, আৰু শিল, গছৰ পূজা কৰিছিল। অভিব্যক্তিৰ মতে যদি উন্নতিৰ বাটত উঠা জাতিৰ প্ৰাকৃতিক নিয়মানুসাৰে ক্ৰমিক উন্নতিত বাজে অৱনতি নহয়, তেনেহলে হিন্দু, চীন, মিশৰীয়, গ্ৰীক আৰু ৰোমাণ সভ্যতাৰ আধুনিক অৱস্থা এনে কিয়?

 অভিব্যক্তিবাদীবিলাকে ইয়াৰ ভাল উত্তৰ দিব নোৱাৰে। আৰু আন এদল মানুহে কয়, যে মানুহসমাজৰ সৃষ্টি হবৰ পাচত, সেই সমাজৰ কিছুমান নিয়ম গঢ়া হয়, কালক্ৰমত সেই নিয়মবিলাক সমাজৰ গাত ইমান দকৈ পোত খায়, যে সিহঁতক সমাজৰ শৰীৰৰপৰা বাজ কৰা বৰ টান হৈ উঠে। সমাজে সেই অনাৱশ্যকীয় অথচ এৰিব নোৱাৰা নিয়মবিলাকৰ বাবে নতুন লাগতীয়াল সমাজৰ হিতকৰ নিয়ম নকৈ সুমুৱাই লব নোৱাৰে, সেই দেখি সমাজৰ সত্যতাৰ উন্নতিৰ বাট বন্ধ হয়, সেই সভ্যতাৰ প্ৰাণ নোহাৱা হয়। ভাবি চালে ঘাইকৈ ভাৰতবৰ্ষতে এই নিয়মটি সুন্দৰকৈ খাটিছে যেন অনুমান হয়। হিন্দু সমাজৰ কিছুমান পুৰণি নিৰ্জীৱ কুটিল নিয়ম ডিঙ্গিত বান্ধি লৈ আধুনিক সময়ৰ হিন্দুবিলাকে সমাজক নতুন আৰু আৱশ্যকীয় সাজ পিন্ধা পৰা নাই। সেই পুৰণি নিয়মবোৰ যিমান পুৰণি হৈছে সিমান সিহঁত মেৰপাক থাই ধৰা কুসংস্কাৰ হৈ সমাজৰ মানুহৰ মনক ঢাকি তাত ন পোহৰ ন উছাহ একোকে ঠুটিয়াব নোৱাৰা কৰিছে। কিন্তু যদিও হিন্দু সমাজৰ এনেকুৱা সঙ্কীৰ্ণ আৰু ৰক্ষণশীল অৱস্থা হৈছে, তথাপি তাত নতুন নতুন সংস্কাৰ নোসোমোৱাকৈ থকা নাই। হিন্দুৰাজ্য শেষ হবৰপৰাই নানা বিদেশী জাতিয়ে আহি ভাৰতবৰ্ষ আক্ৰমণ কৰিছে। কোনোৱে আকৌ