পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
মানৱজাতিৰ সভ্যতা।

বোৰে আজি কালি প্ৰকাণ্ড অট্টালিকা সাজিছে। ইয়াৰ দ্বাৰাই বুজা যায় মানৱজাতি উন্নতিশীল, কিন্তু পণ্ডবিলাকৰ উন্নতি নাই। স্বভাৱৰ পৰা যিবিলাক শক্তি পাইছে,তাৰ লগে লগে নিজ বুদ্ধিৰ বলত আন আন বহুত উপায় উলিয়াই মানুহ আন জীৱবোৰতকৈ শ্ৰেষ্ঠ হৈছে। কোনো জন্তুৱে মানুহৰ নিচিনাকৈ কাপোৰ বৈ পিন্ধিব পৰা নাই, খাদ্য ৰান্ধি খাব জনা নাই, আন আন জন্তু পুহিব জনা নাই। কিন্তু মানুহ এনেকুৱা বহুত জীৱনোপায় উলিযাই জগতত সভ্য হৈছে। যিবিলাকে যিমান সৰহকৈ এনেকুৱা স্বাধীন উপায় উলিয়াব পাৰিছে, সিহঁত সিমান সভ্য হৈছে। যেয়ে পৰা নাই, সেয়ে সিমান অসভ্য আৰু বৰ্ব্বৰ হৈ আছে। মানুহৰ মাজত সভ্যতাৰ তাৰতম্যৰ মূল এয়ে। এই প্ৰভেদৰ কাৰণেই কোনোৱে গছৰ ছাল পিন্ধিছে, কোনোৱে মলমল পিন্ধিছে, কোনোৱে বাঁহৰ চুঙাত পানী খাইছে, কোনোৱে সোণ-ৰূপৰ পাত্ৰত আহাৰ কৰিছে, কোনোৱে টিঙিৰি ব্যৱহাৰ কৰিছে, কোনোৱে ‘দেছলাই’ ব্যৱহাৰ কৰিছে; কোনোৱে কলগছৰ ভুৰ বান্ধি নৈ পাৰ হৈছে, কোনোৱে ভাপনাৱেৰে সাগৰৰ ওপৰেদি অহা-যোৱা কৰিছে।

 স্বাধীন উপায়বিলাক উলিয়াব পৰা শক্তি, মানুহৰ প্ৰকৃতিগত বা স্বভাৱৰপৰা পোৱা নহয়। কাৰণ যি জাতি একেবাৰে অসভ্য, পাঁচ শ বছৰৰ পাচত হয়তো দেখিব, সেই জাতি সভ্যতাৰ বহুত ওপৰলৈ উঠিছে। বহিৰ্জগতৰ কাৰ্য্যৰ ফলত এনেকুৱা প্ৰভেদ হোৱা নাই। কাৰণ যি ঠাইত আগেয়ে অসভ্যই বাস কৰিছিল, সেই ঠাই পাচত এক সভ্য জাতিৰ থকা ঠাই হৈছে, আকৌ যি দেশ আগেয়ে সভ্যতাৰ আদি ঠাই আছিল, সেই দেশ পাচত অসভ্য মানুহৰ বাসস্থান হৈছে। তেনেহলে মানুহৰ সভ্যতাৰ উন্নতিৰ ঘাই নিয়ম কি? কি কাৰণে বেলেগ বেলেগ জাতিবোৰে সভ্যতাৰ বেলেগ বেলেগ থোপত উঠিব পাৰিছে? পাশ্চাত্য পণ্ডিতসকলৰ বহুতে কয়, প্ৰাণীজগতৰ ক্ৰমিক অভিব্যক্তি যি নিয়ম, সেই নিয়মেই মানৱজাতিৰ সভ্যতাতো খাটিছে। যোগ্যৰ উন্নতি, অযোগ্যৰ অধঃপাত, পূৰ্ব্বপুৰুষৰ গুণ বা বিশেষত্বৰ অধিকাৰ প্ৰভৃতি ডাঙ্গৰ ডাঙ্গৰ নিয়ম বোৰৰ দ্বাৰাই পৃথিৱীৰ জাতিবিলাক অসভ্য অৱস্থাৰ পৰা সভ্য অৱস্থালৈ উঠিছে। অভিব্যক্তিবাদীবিলাকে কয়, জীৱন ৰক্ষাৰ নিমিত্তে হোৱা যুজলৈ সাজু হবৰ কাৰণে মানুহে নানা উপায় কৌশল উদ্ভাৱন কৰে; সেইবিলাক