এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৭
নৱবৰ্ষ
৮
স্বৰগ, মৰত, প্ৰকৃতি, মানুহ,
সকলো আনন্দময়;
মেঘে মেঘে মিলি সাবটা সাবটি,
—জগত কবিতাময়।
৯
চাওঁতে চাওঁতে পল পল কৰি
দ্বাদশে মেলানি ললে,
সৰিৎ সাগৰ, আকাশ, পৃথিবী
বিদায়সঙ্গীত গালে।
১০
চাওঁতে চাওঁতে এখোজ বঢ়ালোঁ
মৰণ দেশৰ পিনে;
জীৱন-বুৰঞ্জী মেলি এবে চোৱা,
হাৰিল জিকিল কোনে।
১১
নতুন তেজেৰে নতুন বলেৰে,
নতুন টঙ্গালি লই,
প্ৰতি মুহুৰ্ত্ততে আগ বাঢ়োঁঁ ব'লা
অতীত নিদিওঁ ঠাই।
১২
ওপৰে ঈশ্বৰ দয়াময় পিতা,
তলত মানুহ ভাই;
বুকে সাহ বান্ধি বলাচোঁন সকলো
জগত জিনিম গই।
১৩
কুল কুল কুল বইছে তটিনী
সদাই সিন্ধুৰ ফালে,