পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৬
সাহিত্য-সংগ্ৰহ।

মৰণ ক’তনো সিয়ে। অগোচৰ,
 −আগ−গুৰি একো নাই।


অনন্ত সাগৰ গৰজিছে সদা,
 ঢউৰ ওপৰে ঢউ॥
তাৰে এটি ঢউ মাৰ গল আজি,
 কাজত একোকে নউ।


আশাৰ মোহন মূৰতি আগত
 হিয়াত কৰি থাপন,
নৱবৰষক নবীন উছাহে
 আনো কৰি আবাহন।


পুৱতী নিশাৰ কুলিয়ে পুৱাতে
 মঙ্গল উৰুলি গাই,
নৱবৰষৰ দিলেহি জাননী,
 মলয়া চোঁৱৰ লই।


হেঙ্গুলি বেলিৰ নতুন কিৰণে
 গগণ উজল কৰে;
বন-দেবী সৱে ফল-ফুল আনি
 তোমাৰ যোগান ধৰে।


ঘৰ বাৰী মছি গৰু−গাই ধুই,
 নতুন কাপোৰ লই,
নতুন ভোজেৰে উৎসৱৰ মাজে
 (লোকে) আদৰি আনিছে গই।