এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৫
নৱবৰ্ষ।
স্বৰ্গ অপেশ্বৰা আপোন পাহৰা,
তুলিছে আনন্দ ধ্বনি।
সুখ-গীত শুনি, ভাবে ভাব টানি,
ওপঙ্গি ফুৰিব সেৰি ,
থাই ভাব জুৰি, ম’ৰাচালী ধৰি,
উৰিল বিচাৰি সখী।
অকল সৰীয়া, প্ৰাণ মতলীয়া,
থাকোঁতে ধেমালি চাই;
সংসাৰ ধুমুহা নাই উহাদিহা,
আহিল ধুলি উৰাই।
মুকলি হিয়াৰ, জপালে দুৱাৰ
কৰ ভাব গল কেনি।
ঢাকনি চকুত বসুধা বুকুত।
—এয়ে মুখ, সামৰণি।
নববৰ্ষ।
⸻
১
নৱ বৰষৰ নবীন সঙ্গীত
কাণত হইছে ধ্বনি,
দূৰ ভবিষ্যৰ আশাৰ বেণুটি
শুনা যায় ৰিণি ৰিণি।
২
অসীম অনন্ত কালৰ সাগৰ
জনম নজনা ঠাই;