এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৪
সাহিত্য-সংগ্ৰহ।
শিকাঁ সবে পৰিশ্ৰম, শিকাহে নীতি ধৰম
নেভাবিবা সুখ দুখ কিনো কপালত।
কৰ্তব্যৰ পাচে লৰাঁ, ক্ৰমাগত কাম কৰা
ফলাফল ফলদাতা বিভুৰ হাতত॥
ধুমুহা।
⸺
মুকুলি হিয়াৰ, মুকলি দুৱাৰ,
কত ভাব আহে যায়;
কল্পনা-বিহাৰী, কল্পনা-লগৰী
নিফুট বাঁহীটি বাই।
অতীত ভবিষ্য চক্ষুৰ অদৃশ্য,
দুখনি সুন্দৰ থান;
স্মৃতিৰ পথত, কল্পনা-ৰথত,
জোৰেহি মিলন তান।
সোঁৱৰনী পট, আনন্দ জগত,
মধুৰ মিলন কথা;
ভবিষ্য মুৰতি, আশাৰ ছবিটি,
মৰমে মৰমে গঁথা।
পাহৰা সুঁৱৰি, বিমানত চৰি,
উটি বুৰি ফুৰে মন;
আকাশী স্বপ্নৰ, সাজি সুখ ঘৰ,
আকুল উদাস প্ৰাণ।
নিৰ্ম্মল আকাশ, কত হাবিয়াস,
পিন্ধিব মুকুতা মণি;