জীৱন-সঙ্গীত।
শোকৰ কবিতা ৰচি, দুধাৰি চকু-লো মছি,
নকবা জীৱন মিছা নিশাৰ সপোন।
অসাৰ সংসাৰ ভাই, ইয়াত সকাম নাই,
মোহময় মায়াময় সকলো মাথোন।
পুত্ৰ-কন্যা পৰিবাৰ, কোন তৱ তুমি কাৰ,
বুলি হেৰা অকাৰ্য্যত নকৰা বেজাৰ।
কলাঘুমটীয়া হই আতমা যে আছে ৰই,
জানিবা মৰণ নাই এই আতমাৰ॥
অস্থায়ী মানৱ দেহা কৰিম দুদিন বেহা,
ফুৰিম দুদিন মাথো সংসাৰ-হাটত।
দুদিনৰ অন্ত হলে, আয়ুষ ঢুকাই গলে,
সুন্দৰ দেহাৰ ঠাই শেষ শ্মশানত॥
চকু, কাণ, নাক যাব, হাড়, ছাল সাং হব,
মাটিৰ মানুহ তুমি মাটিত মিলিবা।
অবিনাশী নিত্যধন, অমৰণ অভগন,
অনন্ত উন্মতিশীল আতমা জানিবা॥
সদাই চকু-লো টোকা, দুখত মগণ থকা
ভোগ, সুখ, জীৱনৰ উদ্দেশ্য নহয়।
এনে ভাৱে কাম কৰা, দিনে যেন আগ বাঢ়া
প্ৰতি দিনে খোজ যেন আগলৈহে যায়।
পল পল দণ্ড কৰি, সময় গইছে উৰি,
পাখিলগা কাড়ৰ নিচিনা অবিৰাম।
বহুদুৰ আছে গতি, সময় তাকৰ অতি,
-কৰিব লগীয়া আমি আছে বহু কাম॥