পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪১
সুখ-গীত।

যতনৰো জিলিকণি
 চোৱাঁ হেৰা চোৱাঁ,
সোণালি ৰেণুৰ মউ—
 মাখি তাৰ-বোৱা।


জীৱনৰো আলিকাষে
 ফুৰিছে উফৰি।
জিলিকি স্বপ্নৰ সুখ
 মৰম লাহৰী।
স্বপ্ন গুচি এয়ে সঁচা
 চকুৰ আগত
যদি চাব জানা এই
 সুন্দৰ জগত।

চোৱাঁ যেন চোৱাঁ হেৰা
 জিলিকণি-মৰা,
সংসাৰৰ সুখবোৰ
 উৰি উৰি ফুৰা।
নখে মাটি লেখা খোজে
 তলমূৰ হুই,
নুফুৰিবা পৃথিবীত
 পখিলা নেচাই।