এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪০
সাহিত্য-সংগ্ৰহ।
জিলিঙ্গণি এটি আহি পদুম বনত
স্বৰগৰ ৰহণ ঢালিছে;
অকল সৰীয়া দুটি পদুম-কলিয়ে
চুমা খাই হালিছে-জালিছে।
স্বৰ্গৰ জেউতি দেখি ৰাজ-হাঁহ জুৰি
প্ৰেমৰ আলচ তুলি থৈ,
চিত্ৰৰ পুতলি প্ৰায় আছে থৰ লাগি
ইটিয়ে সিটিক চাই ৰৈ।
আকৌ ঘুমটি তেজি নিজম চেতনা
লাহে লাহে সজাগ হইছে;
পাহৰা সুৰটি ঘুৰি বজাবৰ গুণে
বীণখনি হাতত লইছে।
বৰষা অনন্ত কাল জ্ঞানৰ পোহৰ
জ্যোতিৰ্ম্ময়ী জোনাকী সবিতা।
বজাবোঁ অনন্তকাল পঞ্চমত তুলি
বীণাপাণি কোমল কবিতা।
সুখ-গীত।
১
জিলিকা পাখিৰে হাঁহে
ৰবিৰ কিৰণ।
জিলিকি পখিলা নাচি
ফুৰে অগণন।