পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
সাহিত্য-সংগ্ৰহ।

সবল আৰু পৰাক্ৰমী হৈ থাকে, কোনো কাৰণত আমাৰ শৰীৰ দুৰ্ব্বল হলে সিহঁতো কিছু পৰিমাণে দুৰ্বল হৈ যায়; এনে সুবিধা সময়ত আমাৰ বৈৰী জীৱাণুবিলাকে আক্ৰমণ কৰি মিত্ৰ দলক হৰুৱাই আমাক নানা উৎকট ৰোগত পেলায়; আৰু অৱশেষত সিহঁতৰ বল অতিশয় বৃদ্ধি হলে আমাৰ বন্ধুবিলাকে আৰু আমাক ৰাখিব নোৱাৰি আমাৰ লগতে আপোন প্ৰাণো বিসৰ্জন দিয়ে। আমাৰ বন্ধু জীৱাণুবিলাকৰ বাসস্থান আমাৰ তেজ, আৰু শত্ৰুবোৰৰ বাসস্থান আমাৰ শৰীৰৰ চাৰিও ফালৰ বায়ু। শক্ৰ জীবাণুবিলাকে আক্ৰমণ কৰিবৰ কালত এটা এটাকৈ আহি আক্ৰমণ নকৰে, কোটীয়ে কোটীয়ে অৰ্ব্বুদে অৰ্ব্বুদে আহি ঠাই জুৰি পৰি লাগেহি। শৰীৰৰ যে কোনো অংশ গেলে বা পচে তাৰ কাৰণ এই শক্ৰ জীৱাণুবিলাকেই; ইহঁতে খাই খায়েই তেনে কৰে। জীৱনযুদ্ধৰ বিষয়ে কবলগীয়া ইমানবিলাক কথা আছে যে, তাক এই পুত্ৰ প্ৰৱন্ধত কবলৈ চেষ্টা কৰা বৃথা। এই প্ৰৱন্ধত কথাটো নামমাত্ৰ ছোৱা হৈছে মাথোন।

⸻⸻
মানৱজাতিৰ সভ্যতা

মামুহ আৰু পশুবিলাকৰ ভিতৰত এটা বৰ ডাঙ্গৰ প্ৰভেদ এই যে, মানুহ উন্নতিশীল জীব, কিন্তু পশুবোৰ তেনে নহয়। এই। প্ৰভেদৰ বাবেই মানুহ যিমান অসভ্য হওক, পশুবিলাকতকৈ বহুত গুণে শ্ৰেষ্ঠ। চৰায়ে তাৰ বাহ মাজে, বিবৰে তাৰ গঁৰাল সাজে, মৌ-বৰলে সিহঁতৰ চাক বান্ধে; চৰাইৰ বাহ, বিবৰৰ গঁৰাল, মৌ-বৰলৰ চাক, আদিৰে পৰা একে নিয়মে সজা হৈ আহিছে। এহেজাৰ বছৰৰ আগেয়ে কাউৰীয়ে যেনেকৈ বাহ সাজিছিল, এতিয়াও সেই দৰেই সাজিছে, কিন্তু এশ বছৰৰ আগেয়ে মানুহে যেনেকৈ ঘৰ সাজিছিল, এতিয়া তেনেকৈ নেসাজে। চৰাইৰ বাহ, বিবৰৰ গঁৰাল, আৰু মৌ বৰলৰ চাকৰ, কালৰ গতিত একো উন্নতি নহৈ আদিম অৱস্থাতে আছে; কিন্তু যি মানুহে প্ৰথমে আদিম অৱস্থাত বাহপাতৰ পঁজা ঘৰ সাজিছিল, সিহঁতৰ সন্ততি