পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাহিত্য-সংগ্ৰহ।


দ্ৰৌপদীৰ বিলাপ।

দ্ৰুপদ-নন্দিনী মনে গুণি,   স্বামীসকলৰ বাক্য শুনি,
 ৰাজহংস গতি চলি যান্ত ধীৰে ধীৰে।
যথাতে আছন্ত দেৱ-হৰি,   নৃপতিসকলে মধ্য কৰি,
 তথাতে চলন্ত তিতি নয়নৰ নীৰে॥
নেতৰ বসন পৰিধান,   মাথাত মালতী কৰে ঘ্ৰাণ,
 প্ৰবাসৰ কষ্টে তনু ভৈলা অতি ক্ষীণ।
বিলাই বিপত্তি মনে স্মৰে,   শোকে নয়নৰ নীৰ জৰে,
 পূৰ্ণচন্দ্ৰ যেন কলঙ্কে ভৈলা মলিন॥
মাধৱৰ গৈয়া সমীপত   দ্ৰুপদ-নন্দিনী উপগত,
 মাথে বস্ত্ৰ দিয়া বচন বুলিলা শোকে।
দেখা দেখা মোক দামোদৰ,   অনাথিনী নাই মোতপৰ,
 দেখিলা বিপত্তি কুৰুসমাজৰ লোকে॥
চুলে ধৰি দুঃশাসন-বাধে,   ধৃতৰাষ্ট্ৰ শ্বশুৰৰ আগে,
 হসাইলে মোক অনাথিনী পৰবাসু।
পাঞ্চপতি মোৰ সেই থানে   বিলাই বিপত্তি ভৈল মানে,
 আগতে আছিলা গান্ধীৰিণী জেষ্ঠ শাশু॥
পাঞ্চপতি সমে পাশা জিনি,   দাসী কৰিলেক দুৰ্য্যোধনি,
 লাজ কৰিলেক ভীষ্ম শশুৰৰ আগে।
সি বেলাত মোৰ নাহি আন,   তোমাৰ চৰণ কৰি ধ্যান,
 নাৰায়ণ নাম সুমৰিলোঁ অনুৰাগে।
তেবে সমস্তৰে দিলে বৰ,   পাঞ্চপাণ্ডবৰ ধনু শৰ,
 উদ্ধাৰ কৰিলোঁ পাঞ্চপতি সমে মাগি।

১৮