শ্ৰীৰামৰ কীৰ্ত্তি প্ৰকাশয় সংসাৰত।
অদ্যাপিও ৰামশৰ দেখিয়ো স্বৰ্গত॥
পৰশুৰামক ৰামে কৰিলা আশ্বাস।
মোৰ বাণ দেখি ঋষি ভৈলা মহাত্ৰাস॥
ক্ষত্ৰি জাতি আমাৰ দাৰুণ বৰ হিয়া।
পালোঁ অঙ্গীকাৰ ব্ৰাহ্মণক দুখ দিয়া॥
মৰষিবা সকলে আমাৰ ইতো দোষ।
কৰোঁ হাতযোৰ নকৰিবা অসন্তোষ॥
শ্ৰীৰামৰ ভকতি দেখিয়া আতিশয়।
দুখ ভয় গুচি ভৈল প্ৰসন্ন হৃদয়॥
বুলিলা পৰশুৰামে বচন মধুৰ।
স্বভাৱতে ক্ষত্ৰিয়ৰ হৃদয় নিষ্ঠৰ॥
হেন মহা ক্ষত্ৰি তুমি পুৰুষ উত্তম।
দেখিলোঁ সাক্ষাতে আজি তোমাৰ বিক্ৰম॥
তথাপি কৰাইলা তুমি আমাক প্ৰসন্ন।
ধন্য ধন্য ৰাম ৰঘুকুলৰ নন্দন॥
শক্ৰ হুয়া প্ৰসন্ন কৰাইলা বুলি নতি।
তুমিও সন্তুষ্ট হৈবা আমাৰ ভকতি॥
শুনিয়োক ৰাম বোলোঁ স্বৰূপ বচন।
অনাদি ঈশ্বৰ তুমি সত্য সনাতন॥
তুমি নিত্য নিৰঞ্জন পুৰুষ পুৰাণ।
জগতৰ পতি তুমি বিনে নাহি আন॥
তোমাত ভকতি মোৰ সততে থাকোক।
যাওঁ তপোবনে মোক বিদায় দিওক॥
এহিমতে দুয়োজন জগত ঈশ্বৰে।
কৰিলন্ত লীলা নাজানিলা একো নৰে॥
দুইহান্তৰ সম্বাদ বিবাদ যত যত।
চাহি আছে লোক সবে বিস্ময় মনত॥
পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১৩৫
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৩
বাটত পৰশুৰামৰ সৈতে ৰামৰ সাক্ষাত আৰু পৰশুৰামৰ পৰাভৱ।