ভজো আজি সকলে তোমাৰ মিছা টোল।
বুজা কেন মত শিশু ছৱালৰ বল॥
তুমি কেনমত বীৰ পৰীক্ষাক চাওঁ।
নুহি যেবে বোলাঁ ক্ষমা কৰিয়া পঠাওঁ॥
যদ্যপি আমাৰ মুনি নোহে ক্ষমা ধৰ্ম্ম।
বৃদ্ধ দেখি তোমাক লাগয় মোৰ মৰ্ম্ম॥
যায়োক গৃহক গুৰু দিলোঁহো বিদায়।
তথাপিতো যদ্যপি তোমাৰ ক্ষমা নাই॥
মোৰ দোষ নাহি তেবে কহোঁ স্বৰূপত।
কৰোঁ চূৰ সকলে তোমাৰ গৰ্ব্ব যত॥
তোমাৰ ধনুৰ বৰ বখানা মহত্ত্ব।
বল বুজি চাওঁ ধনুখান কেনমত॥
ইহাত লগাইলে গুণ ভঙ্গ যদি মানা।
লগাইবোঁহো গুণ ধনু মোক দিয়া আনা॥
তোমাৰ ধনুত গুণ পাৰোঁ যেবে দিতে।
জিনিবোঁ ৰণত তেবে তোমাক ইঙ্গিতে॥
শুনিয়া পৰশুৰামে ধনুখান দিলা।
শ্ৰীৰামে লগাইল গুণ কৰি মহালীলা॥
বল দিয়া ৰাঘবে টানন্ত ধনুখান।
লেক লেক কৰে ফুল-ধনুৰ সমান॥
ধনু টানি ৰামচন্দ্ৰে হাসন্ত হৰিষি।
ইহাৰেসে মহত্ব বখানা তুমি ঋষি॥
এহি বুলি ৰামে পুনৰপি দিলা টান।
মহাশব্দে মাজতে ভাঙ্গিলা ধনুখান।
শবদৰ ত্ৰাসত কম্পিল ত্ৰিভুবন।
মহাভয়ে অচেতন ভৈল সৰ্ব্বজন॥
ৰাঘৱে বোলন্ত গুৰু কৰিলোঁ অকাজ।
টানন্তে ভাঙ্গিল ধনু ভৈলোঁ মই লাজ॥
পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১৩২
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩০
ৰামায়ণ।