তেবেসে মুনিহ বুলি জানোহো সাক্ষাত।
বিনা যুদ্ধে ভঙ্গ মই মানিবোঁ তোমাত॥
তাক দেখি ৰামচন্দ্ৰে লাগিলা হাসিত।
ধনু দেখি দশৰথ ভৈলা ভয় ভীত॥
প্ৰসন্ন বদনে ৰামে বুলিলা বচন।
শুনিয়োক ঋষি জমদগ্নিৰ নন্দন॥
ঋষি ধৰ্ম্ম অনুসৰি আছা মহাভাগ।
আমাত তোমাৰ কেনে এত মান ৰাগ॥
ক্ষমাসে উচিত ধৰ্ম্ম হোৱয় তোমাৰ।
কিসক কৰিলা তুমি তাক পৰিহাৰ॥
ধৰ্ম্ম এৰি অধৰ্ম্ম কৰয় যিতো নৰ।
তাক দণ্ড কৰিবে লাগয় ক্ষত্ৰিয়ৰ॥
ব্ৰাহ্মণত জন্ম ধৰ্ম্ম ধৰিছা ঋষিৰ।
তাক এৰি ধৰ্ম্ম কেনে আচৰাঁ ক্ষত্ৰিৰ॥
শম দম দান দায়া ক্ষমা তযু ধৰ্ম্ম।
ক্ৰোধ অহঙ্কাৰ আদি ক্ষত্ৰিয়ৰ কৰ্ম্ম॥
কৰিলাহা তুমি সিতো ধৰ্ম্ম বিপৰ্য্যয়।
বিচাৰত দণ্ডিবাক তোমাক লাগয়॥
ভাঙ্গিলোঁহো ধনু আমি গুৰুৰ তোমাৰ।
ক্ষস্ত্ৰিয়ৰ ধৰ্ম্ম ইতো উচিত আমাৰ॥
কোন দোষে কৰা তুমি আমাৰ বিৰোধ।
ঋষিৰ তোমাৰ কেনে এতমান ক্ৰোধ॥
জ্ঞান শূন্ত হুয়া অধৰ্ম্মত প্ৰবৰ্ত্তিলা।
ভাল ভৈল আসি মোৰ আগত মিলিলা॥
কৰো আজি তোমাক উচিত প্ৰায়শ্চিত্ত।
যেন আনক্ষণ অধৰ্ম্মত নেদা চিত্ত॥
ধৰ্ম্মহীন হুয়া দৰ্প কৰা মোৰ আগে।
অৱশ্য তোমাক দণ্ড দিবো মোৰ লাগে॥
১৭