মই অস্তকৰ কোপ তুলিলা কিসক।
শিশু হুয়া কৰাঁ কেনে দুৰ্ঘোৰ কৰ্ম্মক॥
ধনু ভাঙ্গি যশ বৰ লভিলা ডাঙ্গৰ।
উপাৰিয়া শৃঙ্গ যেন মেৰু পৰ্ব্বতৰ॥
কাৰ বৰ পায়া তুমি কৰা হেন কৰ্ম্ম।
আমাৰ গুৰুৰ ধনু ভাঙ্গি দিলা মৰ্ম্ম॥
জানিলোঁ কৰিলা গুৰু দেৱত ভকতি।
নুহি কেন মতে হৈব ই দূৰ শকতি॥
ত্ৰিভুবনে পৰম উজ্জ্বল ৰাম নাম।
নাহি সংসাৰত ইতো নামক উপাম॥
সেহি ৰাম নাম ধৰি আমাৰ প্ৰকাশ।
হেন নাম লৈলা তুমি কৰি অভিলাষ॥
বোলা ৰাম নাম লৈলে মোৰ হৈবে খ্যাতি।
আমাক বিদ্বেষ তুমি কৰিলাহা আতি॥
বৰ তেজৰন্ত বীৰ ভৈলাহা অধিক।
কৰিবাহা লুপ্ত তুমি আমাৰ কীৰ্ত্তিক॥
ত্ৰিজগত লোকে জানে মোৰ বিক্ৰমক।
ক্ষত্ৰিয়ৰ নামে মই সাক্ষাতে অস্তক॥
নাপাৰোঁ জিনিবে যেবে তোমাক ৰণত।
নিস্ফল জীৱন মোৰ ইতো সংসাৰত॥
জনকৰ ঘৰে ভাঙ্গি পচা ধনুখান।
তাতে বোলা নাহি মোত মুনিহ সমান॥
মই চূৰ কৰিবো তোমাৰ গৰ্ব্ব যত।
পৰিলা চেঙেলি আজি বুঢ়াৰ হাতত॥
ৰহি আছা বৃক্ষ যেন নদীৰ তীৰত।
অলপতে পৰে শিফা নাহিকে তলত॥
হোৱা যদি ৰাম তুমি বীৰ অদভুত।
লগায়োক গুণ দেখোঁ আমাৰ ধনুত॥
পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১৩০
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৬
ৰামায়ণ।