কি দেখা? দেখিবা, কি বিকটাকাৰ ভয়ানক জন্তুবিলাক ভূমি পানীৰে সৈতে খাবলৈ লৈছা! আকৌ সেই জন্তুবিলাকৰ ভিতৰতে কি ভয়ানক মৰাকটা থোৱাখুই হব লাগিছে চোৱাঁচোন; ডাঙ্গৰটোৱে সৰুটোক গিলিছে, সৰুটোৱে আকৌ তাতকৈ সৰুটোক গিলিছে আৰু সেই বাবেই সিহঁতৰ ভিতৰত কি ভীষণ সংগ্ৰাম হব লাগিছে! পুৰাণত লিখা আছে, জড়ভৰতে খোজত পৰুৱা মৰে বুলি মাটিত ভৰি দিবলৈ ঠাই নেপাই ডেও দি দি ফুৰিছিল; এতিয়াও আমি বেছকৈ কব পাৰোঁ যে অণুবীক্ষণ এটা লৈ নিৰামহীয়া খোৱা- সকলক তেওবিলাকে খাবলৈ লোৱা পানী পৰীক্ষা কৰি দেখুৱাই দিব লাগে, তেওঁবিলাকে খাবলৈ পানী বিচাৰি নেপাব। অকল পানী কিয়, বতাহৰ লগত উশাহ নিশাহৰ লগত আমাৰ পেটলৈ ইমান জন্তু যায় যে, একেবেলিয়েই উশাহ লবলৈ নেৰিলে আৰু উপায় নাই।
বৈজ্ঞানিক পণ্ডিতসকলে অণুবীক্ষণ যন্ত্ৰেৰে পৰীক্ষা কৰি এই তত্ব উলিয়াইছে যে, আমাৰ জীৱনটো আমাৰ দেহৰ ভিতৰৰ দুদল যুজাৰু সৈন্যৰ হৰা জিকাৰ ওপৰত নিৰ্ভৰ কৰিছে। তেওঁবিলাকে কয় যে, আমাৰ তেজৰ বৰণ ঘদিও ৰঙ্গা যেন দেখি, বাস্তবিক পক্ষতে ৰঙ্গা নহয় বগা। অলেখ ক্ষুদ্ৰাতি-ক্ষুদ্ৰ ৰঙ্গা পৰমাণু বগা তেজৰ ওপৰত ওপঙ্গি ফুৰে দেখিহে আমি তাক ৰঙ্গা দেখোঁ। এই পৰমাণুবোৰ জড় পদাৰ্থ নহয়, চেতনা থকা জীৱাণু। এই পৰমাণুবিলাক বৰ পৰাক্ৰমী আৰু যুদ্ধবিদ্যাবিশাৰদ। ইহঁত অস্ত্ৰ-শস্ত্ৰ লৈ দিনে-ৰাতিয়ে যুজৰ নিমিত্তে সাজু থাকে। ইহঁতক ইংৰাজীত ‘ফেগচাইত' বোলে। ইহঁতে আমাৰ জীৱনটো ৰক্ষা কৰিবৰ নিমিত্তে অবিশ্ৰাম আমাৰ দেহ-দুৰ্গৰ চাৰিওফালে পহৰা দি থাকে। আমাৰ জীৱনৰ বৈৰী আৰু এদল জীৱাণু আছেসিহতৰ নাম ‘মাইক্ৰোব'; এই হিংসক খলবিলাকে আমাক কেনেকৈ বিনাশ কৰিব তাৰে সদাই চেলু চাই থাকে। কিন্তু আমাৰ হিতা কাঙ্খী পৰমবন্ধু সিদল জীৱাণুৰ প্ৰতাপত সফল-মনোৰথ হব নোৱাৰে। আমাৰ দেহ-দুৰ্গৰ কোনো এঠাইত এই দলে আহি আক্ৰমণ কৰিলেই সিদল আহি ইহঁতে সৈতে তয়াময়া যুদ্ধ পাতি দিয়েছি। আমাৰ ফলীয়াবিলাক জিকিলেই আমাৰ ৰক্ষা আমাৰ ৰাজ্য ৰক্ষা, হাৰিলেই আমাৰ পতন, ৰাজ্যৰো পতন। আমাৰ শৰীৰ সুস্থ আৰু সবল থাকিলে আমাৰ বন্ধু জীবাণুবিলাকো২