কৈয়া ৰাম বুলিয়া মাতত শীঘ্ৰকৰি।
ব্ৰাহ্মণৰ চিহ্ন যজ্ঞসুতা আছা ধৰি॥
ক্ষত্ৰিয় লক্ষণ হাতে আছে ধনুখান।
পৰম নিৰ্দ্দয় দয়া নাহি অণুমান॥
পিতৃৰ বচনে কাটি আছয় মাতৃক।
হেন জনে আনক কৰিবে দয়া কিক॥
শিৰে জটাভাৰ গলে ৰুদ্ৰাক্ষৰ মালা।
কটিত বাকলি বস্ত্ৰ কুশৰ মেখলা॥
ঝক ঝক দান্ত শোভা কৰে গোফ দাড়ি।
গাৱে মল পঙ্ক বনবাসী রূপ ধাৰী॥
ছাতে মালা ধৰিয়া জপন্ত সৰ্ব্বক্ষণ।
উফৰন্ত ক্ৰোধত দেখিবে যম যেন॥
ভ্ৰুব চালি কপালৰ গাঁঠি শিহৰাই।
দশন চোবায়া কোপে মাতন্ত শেহাই॥
গৰ্জ্জিবে লাগিলা অতি নিষ্ঠুৰ বচনে।
আমাৰ গুরুৰ ধনু ভাঙ্গিল কমনে॥
বামহাতে ধৰি ঘোৰতৰ ধনুখান।
পৃথিৱীৰ ক্ষত্ৰি মাৰি কৰিলোঁ নিৰ্জাণ॥
ক্ষত্ৰি হুয়া কোন বীৰ পুনৰপি আইল।
জানিলোঁ সিজনে মোৰ বাৰ্ত্তাক নাপাইল॥
মোৰ কথা শুনি ক্ষত্ৰি নাম কোন ধৰে।
হেনমত ভয় সিতো সাসক নকৰে॥
এবে কোন জনে মোক নগণে মনত।
এতিক্ষণ থিৰ হৌক মোহোৰ আগত॥
ৰৌদ্ৰে বৰষণে আতি পৰিয়া আছয়।
খুখন্দা ধনুক ভাঙ্গি মুনিহ কহয়॥
আজি যেবে জীৱ লৈয়া যায় মোৰ আগে।
তেবে গৈয়া বীৰত্ব কহোক যত লাগে॥
পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১২৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৬
ৰামায়ণ।