এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৫
বাটত পৰশুৰামৰ সৈতে ৰামৰ সাক্ষাত আৰু পৰশুৰামৰ পৰাভৱ।
সীতাক চাহিয়া সবে তাজিল নিশ্বাস।
কি কাৰণে বৰিষেক খাটিলোঁ প্ৰবাস॥
সীতাত নৈৰাশ হুয়া যত ৰাজাচয়।
মহা মৰ্ম্মে সবে ত্যজিলেক লাজ ভয়॥
কোপে অপমানে আতি প্ৰজলিত ভৈল।
জনক ৰাজাক আতি গৰ্জ্জিবাক লৈল॥
বাটত পৰশুৰামৰ সৈতে ৰামৰ
সাক্ষাত আৰু পৰশুৰামৰ
পৰাভৱ।
সেহি সময়ত পাচে জমদগ্নি ৰাম।
ধনু ভঙ্গ শুনি কোপে নিকলিল ঘাম॥
কমনে ভাঙ্গিল ধনু মোহোৰ গুরুৰ।
সি জনৰ দৰ্প আজি কৰিবোঁহো চূৰ॥
পৰশুকুঠাৰখান পাৰিয়া কান্ধত।
ভয়ঙ্কৰ ধনুখান ধৰিয়া হাতত॥
ৰাজাৰ সেনাৰ মাজে ভৈলা উপগত।
শৃঙ্গে সমন্বিতে যেন সচল পৰ্ব্বত॥
দুৰ্জ্জয় শৰীৰ ধনুৰ্দ্ধৰ মহাবীৰ।
ক্ৰোধৰ বেগত আতি নুহিকন্ত থিৰ॥
ফুৰাবন্ত চক্ষু দুই অগণি সমান।
দেখি কটকৰ ভয়ে উৰি গৈল প্ৰাণ॥
বৃষ্টি অন্ধকাৰে নেদেখিয়া দিশপাশ।
পৰশুৰামৰ মূৰ্ত্তি দেখি ভৈল ত্ৰাস॥
কিসে পাইলে বুলি ধাতু শুৰুতি উৰিল।
চক্ষু জপাই সেনা সবে ভূমিত পৰিল॥