পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪
ৰামায়ণ।

সখীগণ মাজহন্তে বাজ ভৈলা সতী।
হৰৰ পাশক যেন চলিলা পাৰ্ব্বতী॥
দিশ পাশ প্ৰকাশিয়া শৰীৰ অলয়।
গজেন্দ্ৰৰ পাশে যেন হস্তিনী চলয়॥
ৰাজহংস জিনি আতি গতি লয়লাস।
চলি যান্ত ৰতি যেন মদনৰ পাশ॥
ৰাঘৱৰ নিকট চাপিয়া বৰবালা।
সাদৰে মাথাত দিলা সুবৰ্ণৰ মালা॥
বৰিল ৰামক আনন্দৰ নাহি পাৰ।
চৰণত ধৰি কৰিলন্ত নমস্কাৰ॥
দেখি ৰামচন্দ্ৰে পাচে সীতাক আশ্বাসি।
আপোনাৰ পাশক চপাইলা প্ৰভু হাসি॥
প্ৰকাশন্ত সীতা সতী ৰাঘবৰ পাশে।
চন্দ্ৰৰ পাশত যেন ৰোহিণী প্ৰকাশে॥
লক্ষীনাৰায়ণ দুই ভৈল এক থান।
জগতৰ ভৈল আসি পৰম কল্যাণ॥
সমস্ত লোকৰ ভৈল পৰম মঙ্গল।
জয় জয় বুলি জোকাৰন্ত সৰ্ব্বজন॥
আকাশত থাকি দেৱগণ অসংখ্যাত।
পুষ্প বৰষিলা ৰাম সীতাৰ মাথাত॥
দুন্দুভি বজায়া দেৱে কৰে জয় জয়।
মুখ্য মুখ্য অপেশ্বৰা কাছিয়া নাচয়॥
ত্ৰিজগত লোকৰ মিলিল মহোৎসৱ।
দশোদিশ ছানি মাত্ৰ শুনি জয় ৰৱ॥
সাৰ্থক লভিল বৰ মাৱ সীতা সতী।
ভৈলন্ত আনন্দ আতি জনক নৃপতি॥
ৰাজাগণে দেখে সীতা ৰামক বৰিল।
বজ্ৰপাত ভৈল যেন সম্যকে মৰিল॥