চৰাচৰ লোক কম্পি কম্পি গৈল ঠাই।
সমাজৰ লোকৰ চেতন জ্ঞান নাই॥
কৰ্ণত হানিলা অল হৃদয় শুকাইল।
পাচে কতোক্ষণে কথমপি ধাতু আইল॥
পাচে ৰামে গুণত ধৰিয়া বল দিল।
ঠোকোৰ কৰিয়া ধনু মাজতে ভাঙ্গিল॥
পুনৰপি প্ৰকম্পিত ভৈল ত্ৰিভুৱন।
প্ৰলয় মিলিল হেন বোলে সৰ্ব্বজন॥
মিথিলাৰ লোক মানে ভৈল পূৰ্ব্বৱত।
চেতন লভিয়া পাচে ৰাজাগণ যত॥
ৰামক নিৰখি মহাভয় চিত্ত ভৈল।
হেট মাথে চক্ষুমুদি মৰা যেন ৰৈল॥
ত্ৰাসত হৃদয় কম্পে বুদ্ধি নোহে থিৰ।
মনে বোলে নতু দেখি শুনি হেন বীৰ॥
জানিলোঁহো এস্তে ৰাম মানুষ নোহয়।
দেৱতো উত্তম দেৱ হেন মনে লয়॥
ৰামচন্দ্ৰে ধনুখান ভাঙ্গি অপ্ৰয়াসে।
হাসি বসিলন্ত গৈয়া বিশ্বামিত্ৰ পাশে॥
ধৰিয়া ৰামক বিশ্বামিত্ৰ মুনিবৰ।
চুম্বন কৰিয়া প্ৰশংসিলা বহুতৰ॥
ধন্য ৰামচন্দ্ৰ তুমি বিক্ৰম তোমাৰ।
ৰহিল নিৰ্ম্মল যশ জুৰিয়া সংসাৰ॥
ধনু ভাঙ্গিলন্ত ৰামচন্দ্ৰ মহাশয়।
আনন্দে নধৰে সীতা দেবীৰ হৃদয়॥
পৰম প্ৰেমত নীৰ বহে নয়নৰ।
সুপ্ৰসন্ন বিধি বুলি উঠিলা সত্বৰ॥
সুবৰ্ণৰ পুষ্পমালা হাতে তুলি লৈলা।
বিষ্ণুক বৰিবে যেন লক্ষ্মী সাজ ভৈলা॥
পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১২৫
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৩
ৰাম কৰ্ত্তৃক হৰধনুভঙ্গ।