বিশ্বামিত্ৰ মাথা তুলিলন্ত হাস্য কৰি।
ৰামৰ ভৰত থিৰ নোহে বসুন্ধৰী॥
ধনু টানিবাৰ দেখি হৰিষ সীতাৰ।
পৃথিবী কম্পিতে চিন্তা ভৈল আৰবাৰ॥
ভৰি থিৰ নভৈলে নাপাইবে বল গাৱে।
পৃথিবীক কাতৰ কৰিলা সীতা মাৱে॥
মাতৃ বসুমতী কৃপা কৰিয়োক মোক।
থিৰ হয়া প্ৰভু ৰাঘৱক ধৰিয়োক॥
দিগগজসকল তুমি সবে হৈবা থিৰ।
শুনিয়ো অনন্ত তুমি নালাৰিবা শিৰ॥
হে কুৰ্ম্ম ভালে অনন্তক ধৰিবাহা।
দিগপালসকল স্বামীৰ হৈবা সহা॥
এহি মতে সীতা হুয়া আছন্ত আকুল।
পাচে ৰামচন্দ্ৰ জগতৰ আদি মূল॥
গুণগাছ এৰি দিয়া টঙ্কাৰ কৰিলা।
প্ৰচণ্ড শবদে আতি ব্ৰহ্মাণ্ড লৰিলা॥
দশো দিশ ব্যাপি প্ৰতিধ্বনি গৈল বৰে।
ত্ৰাস ভৈল সৰ্ব্বজনে বোলে ব্ৰজ পৰে॥
সাতোখান স্বৰ্গ বাৰম্বাৰ লৰি গৈল।
সপ্তদ্বীপা বসুমতী টলমল ভৈল॥
কাখৰ লঙ্ঘিল সাতো সাগৰ খলকি।
জলজন্তু ভৈল ত্ৰাস প্ৰলয়ক শঙ্কি॥
দিগগজসকল কম্পে তৰতৰিমান।
মহাত্ৰাসে কম্পিল পাতাল সাতোখান॥
কম্পিলন্ত অনন্ত যতেক নাগগণ।
কূৰ্ম্ম কম্পি ফোকাৰ তেজয় ঘনে ঘন॥
মেৰু আদি কম্পিল যতেক গিৰিবৰ।
ভয় হুয়া কম্পে আতি দেৱাসুৰ নৰ॥
পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১২৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২
ৰামায়ণ।