শুনি ৰামচন্দ্ৰে উঠিলন্ত তাৱক্ষণে।
কঙ্কালত বস্ত্ৰ কাছিলন্ত ৰঙ্গমনে॥
ঋষিক প্ৰণামি চলিলন্ত ৰঘুবৰ।
দেখি হাসি তুলিলেক ৰাজা নিৰন্তৰ॥
বৰ বৰ বীৰে নাপাৰিলে লাৰিবাক।
ভৈলোঁ লঘু লোকে বেঢ়ি হাসিলে আমাক॥
শিশুমতি হুয়া তাক প্ৰতি কৰে সাস।
হেনসে ইহাৰ জানকীক ভৈল আশ॥
বিশ্বামিত্ৰ মুনি শুনি চপৰাইলা মাথ।
জানো ধনু ভাঙ্গিবে নাপাৰে ৰঘুনাথ॥
অসুখ অশান্তি আতি মনত সীতাৰ।
হৰি হৰি বিধি সিদ্ধি নভৈল আমাৰ॥
হাসিয় চলন্ত ৰামচন্দ্ৰ মহাবল।
প্ৰত্যেক ভৰিত মহী কৰে টলমল॥
প্ৰমত্ত কেশৰী যেন যান্ত মহাশয়।
দেখি ৰাজাগণ ভৈল পৰম বিস্ময়॥
গুচিল সবাব হাসি বিবৰ্ণ বদন।
সীতা গোসানীৰ মন ভৈগৈল প্ৰসন্ন॥
ধনুৰ নিকট গৈয়া চাপিলন্ত ৰামে।
কৰে চিকিমিকি সুবৰ্ণৰ চিত্ৰ কামে॥
বাম হাতে লীলায়ে ধৰিলা ধনুখান।
ক্ষেপিলন্ত আকাশক কতোদূৰ মান॥
পুনু বাম হাতে ধৰি পৰম নিপুণ।
নিমিষেকে ধনুত লগাইলা ৰামে গুণ।
আগত থাপিলা নিয়া তুলি বাম ভৰি।
দিলা টান গুণত দক্ষিণ পাচ কৰি॥
টানন্তে ধনুৰ আগ পাচ নামি আইল।
দেখি সবে ৰাজাগণ মাথা চপৰাইল॥
১৬