তাহান্তে বিবাহ সীতা দিবোহো নিশ্চয়।
না পাৰিলা গুণ দিবে যত ৰাজাচয়॥
ৰামক দেখিয়া বসি গুণে মনে মনে।
মিছা অঙ্গীকাৰ কৰিলোঁহো কি কাৰণে॥
এস্তে সে জানিবা বৰ সীতাৰ উচিত।
বিধাতা জানিয়া কৰিলন্ত উপস্থিত॥
মহা উচপিচ মুনি কৰে মোৰ চিত্ত।
নাপৰিবে ৰাঘৱে ধনুত গুণ দিত॥
ৰামক চাহন্তে অঙ্গীকাৰ হেৰুৱাওঁ।
অঙ্গীকাৰ চাহন্তে যেবে ৰামক নাপাওঁ।
একক চাহন্তে মোৰ অপৰ নঘটে।
ৰাজিয়া ৰহিলোঁ মই উভয় শঙ্কটে॥
বিশ্বামিত্ৰে বোলন্ত জনক মহাভাগ।
ইসব চিন্তাক তুমি কৰা পৰিত্যাগ॥
কোন বস্তু ধনুখান ৰামৰ আগত।
নাজানাহা তুমি ৰামচন্দ্ৰৰ মহত্ত্ব॥
ঈষত কটাক্ষে ধনু ভাঙ্গিবন্ত ৰামে।
পাইৱন্ত সীতাক চিন্তা কৰাঁ কিবা কামে॥
বুলিলা জনকে বিশ্বামিত্ৰক দুনাই।
কেমনে গুচিবো চিন্তা শুনিয়ো অতাই॥
ধৰিলেক ধনু মহা মহা ৰাজাগণে।
লাৰিবাকো নপাৰিলা অনেক যতনে॥
কোমল শৰীৰ ৰাম বয়সত অল্প।
পৰম কঠিন ধনু যেন বত্ৰ কল্প।
তাক ধৰি গৈয়া ৰামচন্দ্ৰে কি কৰিব।
আছো গুণ দিবে লাৰিবাকো নাপাৰিব।
ধনুত লগাইবে গুণ ৰামৰ না লাগে।
সমাজত লঘু কেনে হৈব মহাভাগে॥
পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১২১
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯
ৰাম কৰ্ত্তৃক হৰধনুৰ্ভঙ্গ।