এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪
ৰামায়ণ।
জনক নৃপতি দেখি সচকিতি
উঠিলন্ত চালি গাৱ।
আপুনি আসন পাৰিয়া দিলন্ত
বুলি আতি মৃদু ভাৱ॥
পাচে জানুশিৰে পৰশি সাদৰে
ৰিলন্ত নমস্কাৰ।
সঅৰ্ঘে ঋষিক কৰিলন্ত পূজা,
হৰিষৰ নাই পাৰ॥
সুখে অসনত বসিয়া আছন্ত
বিশ্বামিত্ৰ মুনিবৰ।
দক্ষিণত ৰাম বামত লক্ষ্মণ,
আৰো শিষ্য নিৰন্তৰ॥
গৌতমৰ পুত্ৰ, নামে শভানন্দ,
পুছিল বিশ্বামিত্ৰত।
কাহাৰ কুমাৰ, ৰূপে মনোহৰ,
দেখি নতু হেন মত॥
শতানন্দ আগে, ঋষি বিশ্বামিত্ৰ
কহিলা কথা সকল।
দশৰথ মহা ৰাজাৰ তনয়,
ৰাম এন্তে মহাবল॥
ৰামৰ কনিষ্ঠ এহন্তে লক্ষ্মণ,
পৰম গুণে যুকুত।
চৰণ পৰশি মাতৃক তোমাৰ
কৰিলা ৰামে মুকুত॥
ৰামৰ চৰণ প্ৰসাদে অহল্যা
ঘোৰ শাপ নিস্তৰিলা।
গৌতম অ্যাসিয়া ৰামক প্ৰশংসি,
অহল্যাপক সম্বৰিল॥