পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩
ৰাম কৰ্ত্তৃক হৰধনুৰ্ভঙ্গ।

যিতো ভাগ্যবতী পাইলা আক পুত্ৰ
 তাইৰ বিধি সুপ্ৰসন্ন।
সিজনীৰ সম   পূণ্য জানো আৰ
 নতু কৰে একো জন॥
ৰামৰ সমান   পুৰুষ উত্তম,
 ই তিনি লোকত নাই।
ত্ৰৈলোক্যৰ ৰূপ ইহান শৰীৰে
 থৈলা বিধি এক ঠাই॥
সীতাৰ সদৃশ এহেতেসে বৰ
 বিধি নিমিলন্ত জানি।
সয়ম্বৰ সম   যত মিথিলাত
 দৈবে মিলাইলন্ত আনি॥
জনক নৃপতি   কি কাৰ্য্য কৰিলা,
 অঙ্গীকাৰ বিপৰীত।
কঠিন ধনুত,   কোমল শৰীৰে
 নাপাৰিবে গুণ দিত॥
ইহেন বৰত,   আপোন ইচ্ছায়ে,
 সীতাক দিবে নাপাইল।
যেন কোন জনে  হাতৰ অমৃত
 আপুনি ঠেলি পেলাইল॥
যেন নৱনিধি   পায়া হেৰুৱাৱে
 দৰিদ্ৰ আপোন দোষে।
ৰামক দেখিয়া   যত নৰ নাৰী
 এহি মতে সবে ঘোষে॥
মুনিৰ পিচত   পৰম হৰিষে
 চলন্ত ৰাম লক্ষ্মণ।
বিশ্বামিত্ৰ মুনি   সয়ম্বৰৰশালা
 পাইল গৈয়া কতোক্ষণ॥