এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
ৰামায়ণ।
ৰাম কৰ্ত্তৃক হৰধনুৰ্ভঙ্গ।
দুলৰি।
অনন্তৰে মহা ঋষি ৰিশ্বামিত্ৰ,
ৰাম লক্ষ্মণক লই।
সহৰিষ মনে, মধুৰ গমনে,
মিথিলা পাইলন্ত গই॥
ঋষিৰ পাচত, হৰিষে মনত,
চলন্ত ৰাম লক্ষ্মণ।
যেন শিশু সিংহ, দেখিতে বিৰিঙ্গ,
গজৰ যেন গমন॥
স্বছ সুকোমল চৰণ যুগল
চলাৱন্ত লয়লাসে।
দিশ পাশ আতি কৰি প্ৰজ্বলিত,
ৰামৰ দেহ প্ৰকাশে॥
পৰম মধুৰ, লাৱণ্য প্ৰচুৰ,
সাক্ষাত যেন মদন।
মহা মনোহৰ মূৰতি সুন্দৰ
দেখি চাৱে সৰ্ব্বজন॥
ঈষত হাসিত, বৰিষে অমৃত
দেখন্ত লোকৰ গাৱে।
ৰয় মন প্ৰাণ নভাসে নয়ন,
যেতেক ৰামক চাৱে॥
লগত উভতি চলে সৰ্ব্বজন
প্ৰশংসিয়া বহুভাৱে।
ইতো পুৰুষক তুলিলে কোনে নো
সুবৰ্ণ কুক্ষীয়া মাৱে॥