পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
ৰামায়ণ।

ৰাত্ৰিদিনে মৌন ব্ৰত দিন ছয় মানে।
শৰধনু ধৰি দুয়ো থাকা সাৱধানে॥
আসিব ৰাক্ষস ছয় দিন অনন্তৰে।
দুয়ো ভাই শৰ কৰি মাৰিবা সত্বৰে॥
শুনি ধনু ধৰি ৰাক্ষসক বাট চাই।
উজাগৰে ৰৈলা সাৱধানে দুয়ো ভাই॥
বিশ্বামিত্ৰ মুনি যজ্ঞ কৰিবাক লৈল।
আচাৰ্য ব্ৰাহ্মণণ তিনি সহস্ৰেক ভৈল॥
মশুল নিয়মে বেদ মন্ত্ৰ উচ্চৰিল।
সাঙ্গোপাঙ্গে ঈশ্বৰক পুজিবে লাগিল॥
নিৰন্তৰে পূজিলেক ছয় দিনমান।
অগ্নি থাপিলন্ত কুণ্ড কৰিয়া নিৰ্মাণ॥
দিলন্ত আহুতি আতি কৰি বেদধ্বনি।
ঘৃতৰ সুৰভী ঘ্ৰাণ উঠি গৈল চানি।
অৰণ্যৰ পৰা নিশাচৰ গন্ধ পাইল।
মাৰীচ সুবাহ যজ্ঞ বিধ্বংসিবে আইল।
চৌধ কোটি নিশাচৰ আসিল লগত।
মাৰীচ ৰাক্ষস আইল সবাৰো আগত।
পিচত সবাই আসি ৰৈল মহাবল।
আকাশ ব্যাপিল যেন ঘোৰ মেঘদল॥
যেন বজ্ৰ পৰে ৰাৱ ত্যজে ভয়ঙ্কৰ।
দেখি নিৰন্তৰে ঋষি ভয় ভৈলা বৰ॥
পাচে ৰাম লক্ষ্ণণে ঋষিৰ দেখি ডৰ।
নাহি ভয় বুলি আশাসিলা ৰঘুবৰ॥
মন্ত্ৰ পঢ়ি ৰামে শৰ যুৰিলা ধনুত।
দেখিয়া ৰাক্ষসৰ ভয় ভৈল অদভুত॥
বায়ুবেগে ৰামচন্দ্ৰে প্ৰহাৰন্ত শৰ।
দাৰুণ সন্ধানে ফুটি মৰে নিশাচৰ॥