বিশ্বামিত্ৰে বুলিলন্ত শুনিয়োক ৰাম।
এহি তপোবন মোৰ সিদ্ধাশ্ৰম নাম॥
মাৰীচ সুবাহু এহি বনৰ ভিতৰ।
আহে দুইৰো লগে চৌধ কোটি নিশাচৰ॥
ৰাখিবা আমাৰ যজ্ঞ তাক মাৰি ৰণে।
আনিলোঁ তোমাক মই এহিসে কাৰণে॥
ৰাক্ষসক মাৰি দিয়ো আমাক নিৰ্ভয়।
তোমাৰ প্ৰসাদে হৌক যজ্ঞৰ উদয়॥
শুনি ৰামচন্দ্ৰে বুলিলন্ত এহি হৌক।
মাৰিবোঁ ৰাক্ষস সুখে যজ্ঞ কৰিয়োক॥
শুনি মুনিৰাজৰ হৰিষ ভৈল মনে।
ৰামক দেখিলা আসি যত মুনিগণে॥
ফলে মূলে দুয়ো ভাইক কৰাইলা ভোজন।
পাচে তৃণশয্যাত শুতিলা দুয়ো জন॥
ৰজনী প্ৰভাতে উঠি মুনিগণ যত।
স্নান সন্ধ্য়া তৰ্পণ কৰিয়া সমাপত॥
যক্ষৰ সম্ভাৰ মানে একত্ৰ কৰিল।
শুভক্ষণে মুনিগণ যজ্ঞ আৰম্ভিল॥
ৰামক বুলিলা বিশ্বামিত্ৰ মুনিবৰ।
স্নান কৰি নিয়মে ধৰিয়ো ধনুশৰ॥
শুনি ৰাম লক্ষ্মণে কৰিলা গৈয়া স্নান।
দুয়ো ভাই নিয়মে ধৰিলা ধনুৰ্ব্বাণ॥
অনন্তৰে ঋষিৰাজে কৰিয়া প্ৰবেশ।
মন্ত্ৰে ৰাম লক্ষ্মণৰ বান্ধিলন্ত কেশ॥
মণিৰত্ন কণ্ঠা দিলা দুয়ো ভাইৰ গলে।
খষিক পুছিলা ৰামচন্দ্ৰে কৌতুহলে॥
কেতিক্ষণে আসিবেক ৰাক্ষস দুৰ্জ্জন।
ঋষিয়ে বোলন্ত ৰাম শুনিয়ো বচন॥
পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১০৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭
মাৰীচ সুবাহু বধ।