পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১০৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
ৰামায়ণ।

লৈয়োক গৰুড় বাণ আতি নিরুপম॥
শিখাওঁ গন্ধৰ্ব্ব বাণ বৈৰী ভয়ঙ্কৰ।
সংগ্ৰামবিজয়ী বাণ লৈয়ো গন্ধৰ্ব্বৰ॥
শকতি তোমৰ ত্ৰিকণ্টক ফনিয়াল।
অসি অৰ্দ্ধচন্দ্ৰ শেল শূল তিন্দিপাল॥
খড় খুৰ ত্ৰিকোণ বিশাল টাঙ্গি ভল্ল।
পৰিঘ পট্টিশ গদা পৰশু মুষল॥
হৰিত লোহিত গ্ৰাস শতঘ্ন কুলিৰ।
ব্যাঘমুখ নাগপাশ ত্ৰিশূল দুংশল
কুবেৰ বরুণ বাণ স্তম্ভন মোহন।
লহ অহিপত্ৰ বায়ু বাণ বিতোপন॥
লৈয়ো নিশাচক্ৰ অস্ত্ৰ ত্ৰিভুবনে সাৰ।
চত সূৰ্য্য ময় অত শক্ৰ ক্ষয়ঙ্কাৰ॥
যম অস্ত্ৰ দিবো যমদণ্ড সমসৰ।
শিখিয়োক দিব্য অস্ত্ৰ মন্ত্ৰ নিৰন্তৰ॥
অসুৰ মানুষ যক্ষ ৰক্ষ নিশাচৰ।
শিখাবো তোমাক মায়া মোহ যত শৰ॥
স্নান কৰি আসি অস্ত্ৰ লৈয়োক এখানে।
শুনি ৰাম লক্ষ্মণে হৰিষ ভৈলা মনে॥
স্নান কৰি থষিৰ আগত বসিলন্ত।
নানা অস্ত্ৰ শস্ত্ৰ মুনি দুইকো শিখাইলন্ত॥
বিশ্বামিত্ৰ ঋষিৰ ভৈলহ দুয়ো শিষ্য।
অস্ত্ৰ শিখি দুয়ো ভাই মনত হৰিষ॥
 
 মাৰীচ সুবাহু বধ।
অনন্তৰে ৰষি ৰাম লক্ষ্মণক লৈয়া।
ৰঙ্গমনে তপোবনে প্ৰবেশিলা গৈয়া॥