ক্ষুধা তৃষ্ণা একো জৰ ব্যাধি নিপীড়িব।
গুচিব আয়াস যশে জগত জুৰিব॥
ত্ৰৈলোক্যৰ অধিপতি তুমিসে ঈশ্বৰ।
ইতো জগতৰ হৈবা একদণ্ডধৰ॥
খষিৰ বচন শুনি হৰিষ মনত।
বিধিৱতে মানিলন্ত সৰজু জলত॥
ঋষিও কৰিলা স্নান সন্ধ্যা যত যত।
বসিলা তিনিও সেই নদীৰ কূলত॥
বুলিলন্ত ঋষি ৰাজে ৰামক বচন।
দিওঁ মহামন্ত্ৰ বিদ্যা লৈয়ো দুয়ো জন॥
যাহাক জানিলে শ্ৰম গুচয় সকল।
হোৱে মহাধনৱন্ত বাঢ়ে তেজবল॥
এহি বুলি দুয়ো ভাইত মন্ত্ৰ কহিলন্ত।
ত্ৰিভুবনে সাৰ বিদ্যা দুভাইক দিলন্ত॥
মন্ত্ৰ পায়া দুভাইৰ হৰিষ মিলিল।
ঋষি সঙ্গে ৰঙ্গে তথা ৰজনী বঞ্চিল॥
⸻
তাড়কা ৰাক্ষসী বধ।
প্ৰভাতে উঠিয়া নিত্য কৰি সমাপত।
চলিলা হৰিষে দুয়ো ঋষিৰ সঙ্গত॥
সুললিত লীলাগতি গমন সুথিৰ।
কৌতুহলে পাইলা গৈয়া মন্দাকিনী তীৰ॥
দেখিয়া বিচিত্ৰ এক স্থান অনুপাম।
কাহাৰ আশ্ৰম বুলি পুছিলন্ত ৰাম॥
ঋষিয়ে বোলন্ত ইতো অনঙ্গ ভুবন।
মদনক ইহাতে ৰহিলা ত্ৰিণয়ন॥
অনঙ্গ ক্ষেত্ৰক ৰঙ্গে এৰাই তিনি জনে।
পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১০৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
ৰামায়ণ।