ক্ৰোধে প্ৰকম্পিত বিশ্বামিত্ৰ মুনিবৰ।
দেখি অন্তৰীক্ষ ধাতু ভৈল নিৰন্তৰ॥
পাত্ৰ মিত্ৰ সমে দশৰথ মহাৰায়।
ভয় ত্ৰাসে ভৈল যেন মৃতক পৰায়॥
অনন্তৰে বশিষ্ঠে দেখিয়া তমোময়।
ৰাজাক বোলন্ত শুনিয়োক মহাশয়॥
প্ৰথমে ঋষিক তুমি বুলিলা বচন।
“বুলিয়োক ঋষি কিবা সাধোঁ প্ৰয়োজন”॥
কদাচিতো ব্যৰ্থ নোহে বচন তোমাৰ।
এতেকে ৰামক দিতে ভৈল অঙ্গীকাৰ॥
সিতো অঙ্গীকাৰ আবে লাৰিবা কিমতে।
তুমি সত্যৱন্ত হেন জানয় জগতে॥
নকৰিবা ৰাজা সত্যধৰ্ম্ম পৰিহাৰ।
তুমি সত্য লঙ্ঘিলে ৰাখন্তা নাহি আৰ॥
সত্য সম ধৰ্ম্ম আৰ পুৰুষৰ নাই।
জানি ঋষি সঙ্গে দিয়া ৰামক পঠাই॥
তাঙ্ক নপঠালে বিশ্বামিত্ৰ দিবে শাপ।
গাধিৰ তনয় মহা প্ৰচণ্ড প্ৰতাপ॥
হেন জানি ৰামৰ নিমিত্তে এৰাঁ শোক।
ঋষিৰ বচন ৰাখি ৰামক দিওক॥
তাঙ্ক পাইলে ঋষি সস্তষ্ট হৈবে চিত
নানা অস্ত্ৰে সস্ত্ৰে বিশ্বামিত্ৰ সুশিক্ষিত॥
মুনি সবে অস্ত্ৰ শিক্ষা দিবন্ত ৰামক।
তাকে লৈয়া ৰামে জিনিবেক ৰাক্ষসক।
বিশেষত বিষ্ণু ৰামৰূপে অৱতাৰ।
ৰাক্ষস কুলক ৰামে কৰিব সংহাৰ॥
অণুমাত্ৰো চিন্তা নকৰিবা মহামানী।
দশৰথ ৰাজা বশিষ্ঠৰ শুনি বাণী॥
পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১০০
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
ৰামায়ণ।