আমাৰ আসামতো অনেক মহাপুকদৰ উদ্ভৱ হৈছিল, কিন্তু সেইসকলৰ জীৱন-চৰিত প্ৰায়েই নাই। অনন্তকন্দলি, পুৰুষোত্তম ঠাকুৰ আদিৰ জীৱন- চৰিত নথকা বৰ দুৰ্ভাগ্যৰ কথা। আমাৰ ভাষাত যিবিলাক চৰিত্ৰ আৰু বংশাৱলী আছে, সেইবিলাকতো বহুত ভাঁজ আৰু ৰংচং আছে। আমাৰ বুৰঞ্জীৰো প্ৰায় সেয়ে গতি; ইংৰাজ জাতিৰ যেনে সম্পূৰ্ণ জীবন-চৰিত আৰু বুৰঞ্জী আছে,তেনে বোধকৰোঁ কাৰো নাই। ইংৰাজৰ আৰ্হি লৈ আমিও জীৱন-চৰিত লিখিবলৈ আৰু পঢ়িবলৈ ধৰিব লাগে॥ মানুহ মাত্ৰৰে অলপ বা অধিক দোষ থাকে,-সম্পূৰ্ণ মানুহ কোনো নাই। কোনো মানুহৰ ভালেমান সজগুণ থাকিলেই বা তেওঁ কিছুমান ভাল কাম কৰিলেই তেওঁৰ জীৱন-চৰিত লিখা হব পাৰে। বৰ ডাঙ্গৰ মানুহৰ আৰ্হি অতি অলপ মানুহেহে লব পাৰে। সেই কাৰণে মজলীয়া মানুহৰো জীৱন-চৰিত থাকিৰ আৰু পঢ়িব লাগে। বিদেশী মানুহৰ জীৱন-চৰিততকৈ অসমীয়া মানুহৰ জীৱন-চৰিত অসমীয়াৰ পক্ষে বৰ লাগতীয়াল। অসমীয়াৰ আৰ্হি অসমীয়াই বেগেতে লব পাৰে। অসমৰ উন্নতিৰ নিমিত্তে কিছুমান অসমীয়া ডাঙ্গৰ মানুহৰ জীৱন-চৰিত প্ৰকাশ কৰা আৱশ্যক হৈছে। সেই কাৰণেই আনন্দৰাম বৰুৱাৰ জীবন-চৰিত অসমীয়াৰ পক্ষে বিশেষ লাগতীয়াল।
কৃতজ্ঞতা মানুহৰ ৰৰ সজগুণ। হিন্দু বৰ কৃতজ্ঞ জাতি। পিতৃ মাতৃ মানুহৰ বৰ উপকাৰী। পিতৃ মাতৃ জীয়াই থাকোঁতে হিন্দুৱে তেওঁলোকক সাক্ষাৎ দেৱতা যেন দেখে। আৰু মৰিলেও দহা-কাজ কৰিয়েই ক্ষান্ত নহয়; তেও লোকৰ উপকাৰৰ সোৱঁৰণিৰ বা নিজৰ কৃতজ্ঞতাৰ চিন স্বৰূপে বছৰি বছৰি কৰম কৰে। পিতৃ-মাতৃৰ দৰে আমি কিছুমান দেশৰ হিতকাৰী মহাপুৰুষ- লৈকো কৃতজ্ঞ হব লাগে। এই নিমিত্তেই আমি বছৰে বছৰে জন্মাষ্টমী, শঙ্কৰদেৱৰ তিথি আদি কৰোহঁক। ঘেনে ধৰ্ম্ম বিষয়ত, সেই দৰে আন বিষয়তো আমাৰ বৰ হিতকাৰী মানুহ আছে। সেইসকলৰ প্ৰতিও আমি কোনো প্ৰকাৰে কৃতজ্ঞতা প্ৰকাশ কৰিব বা তেওঁলোকৰ সোৱৰঁণি ৰাখিব পাওঁহঁক। জীৱন-চৰিতেই জীৱনৰ সকালোতকৈ ঘাই সোৱঁৰণি আক কৃত-জ্ঞতা প্ৰকাশৰ ঘাই উপায়। আনন্দৰামৰ প্ৰতিও অসমীয়া জাতি কৃতজ্ঞ হব লাগে। আৰু তেওৰ সোৱঁৰণিৰ নিমিত্তে তেওঁৰ জীবন-চৰিত প্ৰকাশ।