পৃষ্ঠা:Su swasthyar aadhar.pdf/৯৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫। টোপনিৰ ব্যাঘাত ৬। অত্যন্ত দুর্বলতা ৭।উশাহ নিশাহত বুকুৰপৰা সোঁ সোঁ শব্দ ইত্যাদি। উপচাৰ- আধুনিক চিকিৎসা বিজ্ঞানত ব্রংকিয়েল এ জ, মাৰ চি কি ৎসাৰ ক্ষেত্ৰ ত Bronchodilator, Antihistaminic, Mucolytic, Steroid, Inhaler ou প্রয়ােগ হয় যদিও এইসমুহৰ যথেষ্ট পার্শ্বক্রিয়া থকা দেখা যায়। আয়ুর্বেদিক চিকিৎসাত ৰােগটোৰ তিনিতা দিশৰ ওপৰত ধ্যান দিয়া হয়। যেনে- বেমাৰটোৰ প্ৰতিৰােধী দিশ নিয়ন্ত্রণমূলক দিশ তথা নিৰাময়মূলক দিশ। তিল তেলৰ লগত সৈন্ধৱ লনণ মিলাই ৰােগীৰ বক্ষদেশত মালিচ দিয়া। ইয়াৰ পাছত ৰােগীৰ স্থানিকভাৱে নাড়ীস্বেদ কর্মকৰা হয়। এই ৰােগৰ চিকিৎসাত মুলত ঋ তলত ঔষধী সমূহ ব্যবহাৰ কৰা হয়। যেনেঃ ১। মুলেথি চুর্ণ - ই Mucolytic হিচাপে কাম কৰে আৰ্থাৎইভিতৰত জমা হৈ থকাকফবােৰ গলাই দিয়ে। ২। তংকন ভস্ম -ইExpectorant হিচাপে কাম কৰে আৰু হাওঁফাওপৰা কফবােৰ উলিয়াই আনে। ৩। স্ফটিক ভস্ম- ই হাওঁফাওৰ ভিতৰত জমা হৈ থকা কফ উলিয়াই অনাত সহায় কৰে। লগতে নিউমােনিয়া আদি সংক্রমণৰ পৰাৰক্ষা কৰে। ৪। বাসা, কন্টকাৰী আদিয়ে শ্বসনলী প্রসাৰক (Bronchodilator) হিচাপে কাম কৰে। ইয়াৰ ওপৰিও তুলসী, দশমূল, হৰিদ্ৰা, ত্ৰিকটু আদিয়ে এই ৰােগৰ উপশম তথা প্ৰতিৰােধ ক্ষমতাবঢ়ই তােলে। কৰণীয় ক) নিতৌ প্রাণায়ম কৰক। খ) এলার্জিকাৰকসমুহৰ পৰা দুৰৈত থাকক। গ) ধুলি ধােৱা আদি এৰাই চলক। ঘ) ধুমপান পৰিত্যাগ কৰক। ঙ) পৰাপক্ষত ঘৰত প্ৰস্তুত কৰা আহাৰ গ্রহণ কৰক । বাহিৰত অছবা পেকেটৰ খাদ্য সামগ্রী এৰাইচলক। চ) মাস্ক পৰিধান কৰক। ছ) সুচিকিৎসকৰ পৰামৰ্শ লওক। ৭৩