পৃষ্ঠা:Su swasthyar aadhar.pdf/৭৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মানসিক ৰােগৰ প্ৰতিকাৰঃ আয়ুর্বেদত ইয়াৰ তিনিধৰণৰ চিকিৎসাবর্ণনাকৰা হৈছে- ১। দৈৱব্যপায়। ২।যুক্তিব্যপাশ্রয় ৩।সত্বাৱজয়। দৈৱব্যপাশয় চিকিৎসাত বিশেষকৈ মন্ত্র জপ কৰা, বিভিন্ন মণি আৰু ঔষধি ধাৰণ কৰা, শুভকাৰক মাংগলিক পুজা পাঠ কৰা, দেৱতাৰ ওচৰত প্রিয় পদার্থ বলি বা উপহাৰ স্বৰূপে সমর্পন কৰা, হৱন কৰা, উপবাস কৰা, দেৱতা গুৰু দ্বিজ আদিক প্রণাম কৰা আৰু বিনম্ৰ ব্যৱহাৰ কৰা আদি উল্লেখ কৰা হৈছে। ইয়াত বিশেষকৈ দৈৱকৃত ৰােগ বুলি গণ্য কৰি চিকিৎসাৰ বিধান কৰা হয়। যুক্তিব্যপাশয় চিকিৎসাত বিশেষকৈ আহাৰ আৰু ঔষধ প্রয়ােগৰ দ্বাৰা চিকিৎসা কৰা হয়। ইয়াত বিশেষকৈ পঞ্চকর্ম দ্বাৰা শৰীৰ শােধন কৰি বিভিন্ন ৰােগ নাশক ঔষধ আৰু আহাৰ দ্ৰব্য ৰােগীক দিয়া হয়। আৱশ্যক অনুসৰি কেতিয়াবা শল্যকর্মৰাে প্রয়ােগ কৰা হয়। সত্বাৱজয় চিকিৎসাৰ দ্বাৰা ৰােগীৰ মনটোক অহি ত ক ৰ বিষয়বােৰৰ পৰা আতৰাই ৰাখিবলৈ চেষ্টা কৰা হয়। ইয়াৰ বাবে নিয়মিত যােগ, প্রাণায়ম, ধ্যান, আদি প্রয়ােগ কৰা হয়। শৰীৰ, মন আৰু বানী সদায় প্রসন্ন কৰি ৰাখিবলৈ বিভিন্ন সাত্বিক পন্থা যেনে মানুহৰ প্রতি মিত্রতা, দুখীজনৰ প্ৰতি কৰুণা কৰা, পূণ্যাত্মা ব্যক্তিৰ প্রতি প্রসন্নতাৰ মনােভাৱ ৰখা আদি পালন কৰিবলৈ উ ৎসাহ যােগােৱা হয়। এক কথাত মানসিক ৰােগৰ প্রতিকাৰৰ বাবেশৰীৰ আৰু মন দুয়ােটাৰে চিকিৎসাৰ প্ৰয়ােজন আৰু আয়ুর্বেদশাস্ত্ৰত ইয়াৰ সুন্দৰ বৰ্ণনা কৰা হৈছে। ঔষধি চিকিৎসাঃ- আয়ুর্বেদত ব্রাহ্মী, মানিমুনি, শংখপুস্পী আদি সহজে পােৱা দ্রব্যসমূহ ব্যৱহাৰ কৰা হয়। তাৰােপৰিব্ৰাহ্মীবটী, স্বৰস্বতাৰিষ্ট, ব্রাহ্মীধৃত আদি ঔষধ ব্যৱহাৰ কৰি মানসিক ৰােগৰ চিকিৎসা কৰা হয়। এনে ঔষধসমূহ চিকিৎসকৰ পৰামর্শ মতেহে গ্রহণকৰা উচিত। (8