পৃষ্ঠা:Su swasthyar aadhar.pdf/৬৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বগৰী ঃ ল'ৰা-ছােৱালী, ডাঙৰ সকলােৰে প্রিয় বগৰী ঠাণ্ডা দিনৰ ফল। আচাৰ বা শুকুৱাই গুৰিকৰি সংৰক্ষণ কৰি ৰখা হয়। নগাটেঙা ঃ এইবিধ টেঙা গ্রীষ্মৰ ফল। হাপানী, ব্রংকাইটিছ, বগাস্ৰাৱ আদিত উপকাৰী। আচাৰ বনাই সংৰক্ষণ কৰিব পাৰি। মিৰিকা টেঙা ও পকা বিলাহীৰ নিচিনা ৰং মিৰিকা টেঙাৰ। সৰু ল'ৰা-ছােৱালীৰ প্রিয়। এইবিধ। দাঁত, ছাল, চুলিৰ গঠনৰ বাবে উপকাৰী। বেল ও বেল এবিধ উৎকৃষ্ট ফল। ইয়াৰ সংস্কৃত নাম বিলৱ। আয়ুর্বেদ মতে বিলৱ দীপনীয়, ৰসায়ন, সংগ্রাহী। বেল গেছৰ সমস্যা, বদহজম, অতিসাৰ কৌষ্ঠকাঠিন্য, অর্শ, যকৃতৰ ৰােগ আদিত উত্তম পথ্য। বেলৰ চৰ্বত, বেলৰ চুৰণ বহু ঔষধি গুণযুক্ত।