পৃষ্ঠা:Su swasthyar aadhar.pdf/২২২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমত হােমিঅ'পেথিক চিকিৎসা পুৰণি অসম তথা উত্তৰ-পূর্বাঞ্চলত হােমিঅ'পেথিক চিকিৎসাৰ সঠিক ইতিহাস পােৱাটো কঠিন। ১৯৫৫ চনত অসম চৰকাৰে অসম হােমিঅ'পেথিক চিকিৎসা আই ন (Assam Homoeopathic Medicine Act,1955) প্ৰৱৰ্তন কৰি হােমিঅ'পেথিক চিকিৎসা চৰকাৰী মান্যতা প্রদান কৰে আৰু এই আইনৰ অধীনত ব’র্ড অফ হােমিঅ'পেথিক চিষ্টেম অফ মেডিচিন, অসমনামৰ এক বর্ড গঠন কৰা হয়। বহুগণ্য- মান্য ব্যক্তি, সমাজকর্মী আৰু চিকিৎসক সকলৰ উদ্যোগত ১৯৬৮ চনত নগাঁৱত ডাঃ দ্বিজেন্দ্ৰ নাৰায়ণ ঘােষক অধ্যক্ষ হিচাপে লৈ ‘অসম হোমিঅ'পেথিক চিকিৎসা মহাবিদ্যালয়, ১৯৭৫ চনত যােৰহাটত ডাঃ গণেশ চন্দ্ৰ ৰাজকোৱৰৰ অধ্যক্ষতাত বর্ত মানৰ ডাঃ জে কে শই কীয়া হােমিঅ'পেথিক চিকিৎসা মহাবিদ্যলায় আৰু গুৱাহাটীত ডাঃ অনিল কুমাৰ ভট্টাচার্য অধ্যক্ষতাত ১৯৭৬ চনত প্ৰাগজ্যোতিষপুৰ হােমিঅ'পেথিক চিকিৎসা মহাবিদ্যালয় (বর্তমান শ্বহীদ যাদৱ নাথ হােমিঅ'পেথিক চিকিৎসা মহাবিদ্যালয়) প্রতিষ্ঠা হয়। অসম চৰকাৰে যােৱা ১৯৮৮ চনত নগাঁও, যােৰহাট আৰু ১৯৮৯ চনত গুৱাহাটীস্থ হােমিঅ’ পেথিক মহাবিদ্যালয় তিনিখন ৰাইজৰ বিপুল দাবী আৰু সদৌ অসম হােমিঅ'পেথিক চিকিৎসক সন্থাৰ প্ৰচেষ্টাত চৰকাৰীকৰণ কৰে। বর্তমানে আয়ুষ সঞ্চালকৰ অধীনত চলি থকা এই তিনিওখন মহাবিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত চাৰে পাঁচ বছৰীয়া বি, এইচ, এম, এছ, ডিগ্রী পাঠ্যক্ৰমৰ লগতে পি.এইচ. ডি. পাঠ্যক্রম চলি আছে। বি. এইচ. এম. এচ (বেচেলৰ অফ হােমিঅ'পেথিক মেডিচিন এণ্ড চার্জাৰী) পাঠ্যক্ৰমত নিম্নলিখিত বিষয়সমূহ পঢ়োৱা হয়।